গুৱাহাটী: গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়া কৰণৰ দাবীত মহানগৰীৰ চচল স্থিত ধৰ্ণা স্থলীত অনিৰ্দিষ্ট কালীন ধৰ্মঘট। প্ৰতিবাদী গৃহৰক্ষী জোৱান সকলে বিভিন্ন শ্লো গানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে।

১৯৪৭ চনৰ অসম গৃহৰক্ষী আইন সংশোধন কৰি গৃহৰক্ষী জোৱান সকলৰ চাকৰি নিয়মীয়া কৰণৰ দাবী জনায়। উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায় অনুসৰি সমান কামৰ সমান মজুৰি প্ৰদান কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে ।


অসম গৃহৰক্ষী স্বেচ্ছা সেৱক সকলক কৰ্তব্যৰত মকৰলৰ ক্ষেত্ৰত হোম গাৰ্ড ডেভলপমেণ্ট software system বন্ধ কৰাৰ দাবী।
উল্লেখ যে দৈনিক তিনিশ টকা মজুৰী দি হোমগাৰ্ড সকলকৰ পৰিয়াল নচলে বুলি কল্যান সন্থাই অভিযোগ কৰে। ২৪ ঘণ্টাৰ ভিতৰত গৃহৰক্ষী জোৱান সকলৰ দৰমহা বৃদ্ধি নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। ইয়াৰ বাবে প্ৰশাসনৰ কাম কাজ অচল হলে ৰাজ্য চৰকাৰ দায়ী হব বুলি কল্যান সন্থাই সকীয়াই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply