মাৰ্ঘেৰিটা: বিজেপি দলৰ হৈ প্ৰচাৰ চলাবলৈ আজি মাৰ্ঘেৰিটালৈ আহিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । দেওবাৰৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰথম পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া সমষ্টিবোৰত পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ চলায়।
মাৰ্ঘেৰিটাত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। ভাষণ আৰম্ভ কৰাৰ পূৰ্বে সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই বুলি মন্তব্য কৰে। লগতে অসমৰ পৰা বিদেশী বহিষ্কাৰৰ লগতে বানপানী সমস্যাৰ স্থায়ী সমাধান বাবে অসমবাসীৰ পৰা আৰু পাঁচ বছৰ বিচাৰে অমিত শ্বাহে।
উক্ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে যোৱা সময়চোৱাত কৰি অহা কামৰ সফলতাৰ খতিয়ান দাঙি ধৰে। কংগ্ৰেছ আৰু AIUDFক মোগলৰ সৈতে তুলনা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমে মোগলৰ নামত আৰু চৰকাৰ গঠন কৰিব নিদিয়ে। মন্ত্ৰীগৰাকীয়ে আধুনিক পদ্ধতিৰে পুনৰ মাৰ্ঘেৰিটাত কয়লাৰ খনন কাৰ্য্য চলাব বুলি কোৱাৰ লগতে জাগুনত এখন ডিগ্ৰী কলেজ স্থাপন কৰিম। দিহিং পাটকাই ক্ৰীড়া প্ৰকল্পৰ স্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ ভোট বিচাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ‘মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাক ডেৰ লাখ ভোটত জয়যুক্ত কৰিব লাগিব। দুৰ্নীতি মুক্ত অসম আমি গঢ়িলো। মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত এতিয়া কোনো দুৰ্নীতি নাই বুলি উল্লেখ কৰি ৰাইজৰ ধন আমি আত্মসাৎ কৰিবলৈ আমি শাসনলৈ অহা নাই বুলি মন্তব্য কৰে।