নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ’ল অসমীয়া সাহিত্যৰ মহীৰূহ হোমেন বৰগোহাঞি । ৰাজ্যিক মৰ্যদাৰে কথাশিল্পী গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ।
শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহীৰূহ গৰাকীক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগু, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ লগতে বিভিন্ন জনে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।
অন্তিম যাত্ৰাত গুণমুগ্ধই জনালে শেষ বিদায়, কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে জনালে শেষ বিদায় । ইয়াৰ পিছতে সাহিত্যিকগৰাকীৰ মৃতদেহ তেওঁৰ এসময়ৰ কৰ্মস্থলী ‘আমাৰ অসম’, ‘দ্য আছাম ট্ৰিবিউন’, ‘অসমীয়া প্ৰতিদিন’ আদিৰ কাৰ্যালয়ৰ লগতে সাহিত্যিকগৰাকীৰ শেহতীয়া কৰ্মস্থলী ‘নিয়মীয়া বাৰ্তা’ৰ কাৰ্যালয়লৈ নিয়া হয়। প্ৰেছ ক্লাবটো জ্যেষ্ঠ সতীৰ্থজনক বিদায় দিয়ে সকলোৱে ।
বিশিষ্ট সাহিত্যিক গৰাকীৰ মুখাগ্নি কৰে তেখেতৰ বৰপুত্ৰই । ইয়াৰ পূৰ্বে শংকৰদেৱ কলাক্ষেত্ৰৰ লগতে মহানগৰীৰ বিভিন্ন স্খানত তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ ৰাজ্যত তেখেতৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে ।
আৰু পঢ়ক http://বিশিষ্ট চিন্তাবিদ হোমেন বৰগোহাঁঞিৰ মৃত্যুত শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ