সোণাৰি: অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক , বিশিষ্ট সাহিত্যিক, সাংবাদিক, সাহিত্য সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিদেৱৰ আজি পুৱা গুৱাহাটীৰ জি.এন.আৰ.চি. চিকিৎসালয়ত মহাপ্ৰয়াণ ঘটাত আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু) এ গভীৰ শোক প্ৰকাশ কৰিছে।
আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ম:আব্দুল খালেক, কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান শৰৎ শেনছোৱাই সংবাদ মাধ্যমলৈ প্ৰৰণ কৰা এক প্ৰেছ বাৰ্তাত অসমীয়া ভাষা সাহিত্য ক্ষেত্ৰখনৰ মহীৰূহ স্বৰূপ হোমেন বৰগোহাঞিদেৱৰ আকস্মিক বিয়োগৰ বতৰাই আপকুৰ প্ৰতিগৰাকী সদস্যক শোকাভিভূত কৰি তুলিছে বুলি মন্তব্য কৰিছে।
বৰগোহাঞিদেৱৰ মহাপ্ৰয়াণৰ লগে লগে অসমীয়া সাহিত্য জগতখনৰ এটা যুগৰ অৱসান ঘটিল বুলি কৈ আপকুৰ অন্যতম অভিভাৱক স্বৰূপ হোমেন বৰগোহাঞিদেৱৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
আৰু পঢ়ক http://বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ দেহাৱসান
চৰাইদেউ জিলা আপকুৰ শোক প্ৰকাশ
অসমৰ প্ৰথিতযশা সাহিত্যিক, সাংবাদিক, কথাশিল্পী, সাহিত্য সমালোচক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ সমাজ জীৱনৰ অতন্দ্ৰ প্ৰহৰী, জীৱন্ত কিম্বদন্তি, মহীৰূহ হোমেন বৰগোহাঞিৰ মৃত্যুত 'আসাম প্ৰেছ ক’ৰেছপণ্ডেনছ ইউনিয়ন’ চমুকৈ 'আপকু’ৰ চৰাইদেউ জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷
৮৯ বছৰীয়া জীৱনকালত অসমৰ সাহিত্য-সংবাদক্ষেত্ৰখনৰ লগতে অসমৰ সমাজ জীৱনলৈ মহীৰূহগৰাকীয়ে যি অসামান্য বৰঙনি আগবঢ়ালে সেয়া অসমৰ বুৰঞ্জীৰ বুকুত সোণালী আখৰেৰে খোদিত হৈ ৰ’ব বুলি শোক বাৰ্তা প্ৰকাশ কৰা লগতে প্ৰখ্যাত সাহিত্যিক-সাংবাদিকগৰাকীয়ে অসমৰ জনজীৱনলৈ আগবঢ়োৱা এই অনবদ্য অৱদানৰ বাবে প্ৰতিজন অসমীয়াৰ মনত তেখেত সদায় চিৰস্মৰণীয় হৈ ৰ’ব বুলি মন্তব্য কৰিছে চৰাইদেউ জিলা আপকুৱে।
টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ শোক প্ৰকাশ
প্ৰজ্ঞাৰ সাধক, জীৱনৰ উপাসক, বিশিষ্ট সাহিত্যিক- সাংবাদিকগৰাকীৰ মৃত্যু অসমীয়া সাহিত্য-সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি , তেখেতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
প্ৰথিতযশা সাহিত্যিক গৰাকীৰ মৃত্যুত টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিয়ে শোক প্ৰকাশ কৰিছে। টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে শোক প্ৰকাশ কৰা লগতে বিদেহ আত্মাৰ শান্তি কামনা কৰিছে।
ইফালে সোণাৰি প্ৰেছ ক্লাব, চৰাইদেউ প্ৰেছ গীল্ড আৰু চৰাইদেউ প্ৰেছ ক্লাবেও শোক প্ৰকাশ কৰি বিবৃতি প্ৰেৰণ কৰিছে।
আৰু পঢ়ক http://ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব হোমেন বৰগোহাঞিৰ