গুৱাহাটী : বুধবাৰে পুৱাৰ ভাগতে অসমবাসী ৰাইজৰ বাবে এক শোকাবহ খবৰ। পুৱা ৬.৫৮ বজাত দেহাৱসান ঘটিল বিশিষ্ট সাহিত্যিক, সাংবাদিক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ। মহানগৰীৰ জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক, কবি, গল্পকাৰ গৰাকীয়ে।
অসমৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক, কবি, গল্পকাৰ তথা সমালোচক হোমেন বৰগোহাঞিৰ পুৱা দেহাৱসান ঘটে জি এন আৰ চি হাস্পতালত। ৮৯ বছৰীয়া বিশিষ্ট সাহিত্যিক গৰাকী ক’ভিডত আক্রান্ত হৈছিল। ক’ভিডত আক্রান্ত হোৱাৰ পিছত বিশিষ্ট সাহিত্যিক গৰাকীক চিকিৎসা প্ৰদান কৰাত সুস্থ হৈ উঠাত সাহিত্যিক গৰাকীক ঘৰলৈ যাব দিয়া হৈছিল।
বিশিষ্ট সাহিত্যিক গৰাকী পুনৰ অসুস্থ হৈ পৰাত জি এন আৰ চিত ভৰ্তি কৰোৱা হৈছিল আৰু আজি পুৱা ৬.৫৮ বজাৰ বিশিষ্ট সাহিত্যিক গৰাকীয়ে হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। বৰ্তমান নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব থকা বিশিষ্ট সাহিত্যিক তথা সাংবাদিক গৰাকীৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ ঢকুৱাখনাত ১৯৩২ চনৰ ৭ ডিচেম্বৰত।
আৰু পঢ়ক http://কভিডমুক্ত হ’ল বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি
১৯৭৮ চনত ‘পিতা-পুত্ৰ’ উপন্যাসখনৰ বাবে হোমেন বৰগোহাঞিয়ে লাভ কৰিছিল সাহিত্য একাডেমী বঁটা। বিশিষ্ট সাহিত্যিক, সাংবাদিক গৰাকীৰ মৃত্যু অসমীয়া সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি। বিশিষ্ট সাহিত্যিক, সাংবাদিক গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোকপ্ৰকাশ কৰিছে।