নিউজ ডেস্কঃ বিশিষ্ট সাহিত্যিক,গল্পকাৰ তথা সাংবাদিক হোমেন বৰগোহাঞিৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা সদৰি কৰিলে।

ইতিমধ্যে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক দায়িত্ব দিছে মুখ্যমন্ত্ৰীয়ে।

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব হোমেন বৰগোহাঞিৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে জিএনআৰচি হাস্পতালত উপস্থিত হৈছে।

প্ৰয়াত সাহিত্যিক গৰাকীৰ আজি পুৱা ৬বাজি ৫৮মিনিটত জিএনআৰচি হস্পিতালত দেহাৱসান ঘটে।

সাহিত্যিক গৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আৰু পঢ়কঃবিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply