গুৱাহাটী : চিৰদিনৰ বাবে বন্ধ কৰা হ’ব গুৱাহাটী মহাগনগৰীত থকা সকলো বিলাক হুকা বাৰ। শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমে এক নিৰ্দেশ যোগে মহানগৰীৰ হুকা বাৰসমূহ স্থায়ীভাৱে বাবে বন্ধ কৰা হ’ব বুলি ঘোষণা কৰে।
শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উক্ত বৈঠকৰ পিছতে গুৱাহাটী পৌৰ নিগমৰ এখন জাননীত পৌৰ নিগমৰ অধীনত থকা সকলো হুকা বাৰ স্থায়ীভাৱে বাবে বন্ধ কৰা হৈছে বুলি কোৱা হয়।
উল্লেখযোগ্য যে ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত যোৱা ৫ জুনৰ পৰা গুৱাহাটী পৌৰ নিগম এলেকাৰ সকলো বিলাক হুকা বাৰ অস্থায়ীভাৱে বন্ধ ৰখা হৈছিল।
লগতে পঢ়ক : এ এম চিত এশখন পেডিয়েট্ৰিক আই চি বিছনা যুৱৰাজ সিং ফাউণ্ডেচনৰ