মেষ : (অ,আ, ল)- শৰীৰৰ সু-স্বাস্থ্যৰ যোগ। মানসিক ক্ষেত্ৰত শুভ কাৰক। ব্যৱসায়ত উন্নতি হ’ব৷ কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ’ব। বন্ধুৰ সৈতে মিলন হ’ব।
বৃষ (উ,ই,ব)-ভ্ৰমণ হ’ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ হ’ব। আজিৰ দিনটোত স্বাস্থ্য ভালে থাকিব।
মিথুন (ক,ছ)- অফিচত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। মানসিক শান্তি ভংগ হ’ব পাৰে।
কর্কট (ড,হ)- শুভ সংবাদ লাভ কৰিব৷ বিদ্যার্থীৰ মনৰ উৎসাহ হ্রাস পাব পাৰে। শিল্পী, সাহিত্যিক, সংবাদকর্মী, ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। কর্ম, বাণিজ্য আৰু আর্থিক ক্ষেত্রত শুভ কাৰক হ’ব।
সিংহ (ম,ট)-আয় বৃদ্ধি পাব৷ প্ৰেমত শান্তি। মানসিক আৰু পাৰিবাৰিক দিশত কিছু সুখ-শান্তি থাকিব। শিল্প, সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত জড়িত সকলৰ কিছু লাভৰ যোগ।
কন্যা (প,থ,ঠ)-শৰীৰৰ প্ৰতি গুৰুত্ব দিব। মনত কষ্ট পাব। আপুনি কামক লৈ সজাগ হোৱাটো ভাল হ’ব। আত্মীয়ৰ সৈতে মিলন। এলাহ ভাব দূৰ হ’ব।
তুলা (ৰ,ত)-দিনটো শৰীৰৰ শুভ কাৰক হ’ব যদিও পাৰিবাৰিক ক্ষেত্ৰত মনৰ অশান্তি হ’ব পাৰে। প্রেম-প্রীতিত অশান্তি থাকিব। আর্থিক আৰু কর্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি হ’ব।
বৃশ্চিক (ন,য)- প্ৰেম, সাংসাৰিক দিশত সুখ-শান্তি থাকিব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িত লোকে উন্নতিৰ ক্ষেত্ৰত সুযোগ-সুবিধা পাব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সুফল লাভ হ’ব।
ধনু (ধ,ভ)- সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক। খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত দূৰত্ব বাঢ়িব।
মকৰ (খ,জ)- আজিৰ দিনটো শৰীৰৰ সুস্থ হৈ থাকিব। বন্ধু আৰু পৰিয়ালৰ লগত মতানৈক্য হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত কিছু অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মনৰ সন্তুষ্টি লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মীৰ চিন্তা বাঢ়িব।
কুম্ভ (গ,শ,স)- শাৰীৰিক ক্ষেত্ৰত শুভ। মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। প্ৰেম আৰু সাংসাৰিক দিশত মধ্যমীয়া হ’ব। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অস্থিৰতাৰ মাজতো সফলতা লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত শুভ কাৰক।
মীন (দ,চ)- ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত কিছু লাভ পাব। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷ প্ৰেমত সংঘাত।