মেষ : (অ,আ, ল)- আজিৰ দিনটো শিক্ষাৰ্থীসকলৰ বাবে শুভ। বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ কর্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব৷
বৃষ (উ,ই,ব)-পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত উন্নতিৰ যোগ৷
মিথুন (ক,ছ)-আর্থিকভাৱে লাভৰ যোগ৷ প্রাপ্য ধন ঘূৰাই পাব পাৰে৷ ধর্মীয়ানুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে৷ কর্মত অৱশ্যে খ্যাতি থাকিব৷
কর্কট (ড,হ)-সু–সংযোগ লাভৰ যোগ৷ আর্থিকত মজলীয়া ফল পাব৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ শাৰীৰিক দিশত ভালেই যাব৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব৷
সিংহ (ম,ট)- ভ্ৰমণৰ যওগ আছে৷ পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ বিদ্যা, কর্মস্থান, দাম্পত্যত শুভ৷
কন্যা (প,থ,ঠ)-বিদ্যার্থীৰ বাবে আজিৰ দিনটো ভালেই দেখা যাব৷ কর্তব্যত আগ্রহ বাঢ়িব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল৷
তুলা (ৰ,ত)-কোনো কর্মত আনন্দ পাব৷ হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে৷ শাৰীৰিকভাৱে অলস অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে।
বৃশ্চিক (ন,য)-মানসিক শক্তি লাভ কৰিব পাৰে। আৰ্থিক সমস্যাৰো সমাধান হ’ব পাৰে। নিজৰ দক্ষতাত মনোযোগ দিয়ক। নিজৰ দুৰ্বলতাক লৈ একেবাৰে নাভাবিব।
ধনু (ধ,ভ)- আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে বন্ধুৰ তথা আত্মীয়ৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়। সাংস্কৃতিক দিশত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
মকৰ (খ,জ)- আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব। কৰ্মত নতুনকৈ যোগাযোগ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য আৰ্থিক দিশত নাটনি হোৱৰ যোগ দেখা যায়।
কুম্ভ (গ,শ,স)-আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য শত্ৰু বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ সংবাদ লাভ কৰিব।
মীন (দ,চ)- আজিৰ দিনটোত ধন সন্মান লাভ হ’ব, মনত আনন্দ বাঢ়িব। প্ৰেমত শুভ হ’ব, ব্যৱসায়ত সফলতা লাভ কৰিব।কৰ্মত সফলতা লাভ কৰিব লগতে আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।