মেষ : (অ,আ, ল)- আজিৰ দিনটো শিক্ষাৰ্থীসকলৰ বাবে শুভ। আপোনাৰ পথত যিমানে বাধা আহক, সকলো অতিক্ৰম কৰি লক্ষ্যত উপনীত হ’ব।আপোনাৰ আৰ্থিক সমস্যাৰো সমাধান হ’ব পাৰে। 

বৃষ (উ,ই,ব)-পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ প্রাপ্য ধন ঘূৰাই পাব পাৰে৷  অতি ঘনিষ্ঠ কোনোবাই আপোনাক প্ৰতাৰণা কৰিব পাৰে। কিন্তু মন বিচলিত নকৰিব, অধিক ইতিবাচক হৈ আগবাঢ়িব।

মিথুন (ক,ছ)-আর্থিকভাৱে লাভৰ যোগ৷ নিজৰ দক্ষতাত মনোযোগ দিয়ক। নিজৰ দুৰ্বলতাক লৈ একেবাৰে নাভাবিব। কর্মত অৱশ্যে খ্যাতি থাকিব৷ ব্যৱসায়ত উন্নতিৰ যোগ৷

কর্কট (ড,হ)- শাৰীৰিকভাৱে অলস অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে। দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ 

সিংহ (ম,ট)- লক্ষ্যত উপনীত হ’বলৈ কষ্ট কৰিব লাগিব।বিদ্যা, কর্মস্থান, দাম্পত্যত শুভ৷ আপোনালোকৰ সম্পৰ্ক আগুৱা নিয়াৰ বাবে শ্ৰেষ্ঠ দিন। 

কন্যা (প,থ,ঠ)-বিদ্যার্থীৰ বাবে আজিৰ দিনটো ভালেই দেখা যাব৷ কর্তব্যত আগ্রহ বাঢ়িব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল৷

তুলা (ৰ,ত)-কোনো আত্মীয় বা বন্ধুৰ পৰা ভাল খবৰ লাভ কৰিব । শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব আৰু ইতিবাচক ফলাফল লাভ কৰিব। আৰ্থিক দিশত শুভ।

বৃশ্চিক (ন,য)-মানসিক শক্তি লাভ কৰিব পাৰে। আৰ্থিক সমস্যাৰো সমাধান হ’ব পাৰে। নিজৰ দক্ষতাত মনোযোগ দিয়ক। নিজৰ দুৰ্বলতাক লৈ একেবাৰে নাভাবিব।

ধনু (ধ,ভ)- আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে বন্ধুৰ তথা আত্মীয়ৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়। সাংস্কৃতিক দিশত সফলতা লাভ   হোৱাৰ যোগ দেখা যায়।

মকৰ (খ,জ)- আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব। কৰ্মত নতুনকৈ যোগাযোগ হ’ব। প্ৰিয় বন্ধুৰ সৈতে সুন্দৰ সময় পাৰ হ’ব।

কুম্ভ (গ,শ,স)-আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য শত্ৰু বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। শুভ সংবাদ লাভ কৰিব।

মীন (দ,চ)- কোনো কর্মত আনন্দ পাব৷ হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে৷ শাৰীৰিকভাৱে অলস অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply