মেষ : (অ,আ, ল)-কৰ্মত সজাগ নহ’লে মনটো সামান্য অস্থিৰ হ’ব পাৰে। ব্যৱসায়ত উন্নতি হ’ব৷ সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।

বৃষ (উ,ই,ব)-সন্মান বাঢ়িব ৷ ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ সংবাদ লাভ কৰিব।

মিথুন (ক,ছ)-আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব ৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কর্কট (ড,হ)-কৰ্মৰ ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব ৷মনত সামান্য স্বাৰ্থপৰতাৰ  ভাব বাঢ়িব পাৰে। আৰ্থিক দিশত শুভ ৷

সিংহ (ম,ট)- আজি কৰ্মত আৱেগিকভাৱে কোনো সিদ্ধান্ত নল’ব।  আয় বাঢ়িব যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব । সকলো দিশতে সজাগ হ’ব।

কন্যা (প,থ,ঠ)-ব্যৱসায় দিশত শুভ যদিও আজি খৰছৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব। খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ 

তুলা (ৰ,ত)-শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰতা অনুভৱ কৰিব ৷  খৰচ বৃদ্ধি ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ অলপ সাৱধানে থাকক ৷

বৃশ্চিক (ন,য)-কর্ম ব্যস্ততা বৃদ্ধি ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷

ধনু (ধ,ভ)- কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ নিজৰ ওপৰত বিশ্বাস ৰাখিব ৷ মানুহৰ লগত ভাল ব্যৱহাৰ কৰক ৷ কোনো বিশেষ সিদ্ধান্ত এতিয়াই গ্ৰহণ নকৰিব ,অলপ সময় লওঁক ৷ 

মকৰ (খ,জ)-  নতুন কাম এতিয়াই আৰম্ভ নকৰাই মংগল ৷ ভ্ৰমণ অলপ দিনৰ বাবে বাতিল কৰক ৷ বাদ-বিবাদৰ পৰা আঁতৰত থাকিব ৷

কুম্ভ (গ,শ,স)-ঘৰুৱা পৰিৱেশ উন্নত হ’ব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷  সফলতা লাভ কৰিব ৷ মানসিক চিন্তা হʼব পাৰে ৷

মীন (দ,চ)- শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰতা অনুভৱ কৰিব ৷  কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷ 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,390 other subscribers

Leave a comment

Leave a Reply Cancel reply