মেষ : (অ,আ, ল)-আজি আপোনাৰ মনোভাৱ আৰু আন্তৰিকতাৰ দ্ধাৰা সকলোকে প্ৰভাৱিত কৰিব। কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল। লক্ষ্য সফল হ’ব।
বৃষ (উ,ই,ব)-আজি কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে। যুক্তিৰে সকলো কথা বিবেচনাৰ চেষ্টা কৰিব। ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ সংবাদ লাভ কৰিব।
মিথুন (ক,ছ)- পৰিয়ালৰ লোকৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হ’ব পাৰে। পৰচৰ্চা কৰাৰ পৰা বিৰত থাকিব। পৰিশ্ৰমৰ ফল নাপাব।
কর্কট (ড,হ)-কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব। শান্ত হৈ কৰ্ম সম্পাদন কৰক। বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল।
সিংহ (ম,ট)- মনৰ পৰা হতাশা আঁতৰাওক। কৰ্মত উন্নতিৰ যোগ। ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷
কন্যা (প,থ,ঠ)-মনৰ অস্থিৰতা কমিব। আজিৰ দিনটোত নতুন কৰ্ম লাভ কৰিব পাৰে। মনত শান্তি বাঢ়িব। সজাগ নহলে কৰ্মত সামান্য কষ্ট পাব পাৰে।
তুলা (ৰ,ত)- যিকোনো ক্ষেত্ৰত সতৰ্কতা মানি চলক । কাৰোবাৰ ভাল খবৰে মন আনন্দিত কৰিব। দিনটো পৰিশ্ৰম হ’ব যদিও মন আনন্দত থাকিব।
বৃশ্চিক (ন,য)-আৰ্থিক সমস্যা হ’ব পাৰে৷ প্ৰেমত কাজিয়া হʼব পাৰে।স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক কাহ-জ্বৰে আমনি কৰিব পাৰে৷
ধনু (ধ,ভ)- স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পর্ক মধুৰ হ’ব৷ কর্মক্ষেত্ৰত কাৰো লগত বেছি হলিগলি নকৰিব, বিপদ হ’ব পাৰে৷
মকৰ (খ,জ)- নতুন দায়িত্ব পাব পাৰে৷ কামত উৎসাহ বৃদ্ধি৷ প্ৰেমত শুভ৷ কৰ্মক্ষেত্ৰত প্ৰশংসা। ব্যৱসায়ত বেমেজালি।
কুম্ভ (গ,শ,স)-খং পৰিহাৰ কৰি চলক। শত্ৰুৰ পৰা সাৱধান। অহেতুক চিন্তাই মন ভাৰাক্ৰান্ত কৰি ৰাখিব। স্বাস্থ্যত শুভ।
মীন (দ,চ)- ভাগ্য উদয় হ’ব৷ আয় বৃদ্ধি৷ ব্যৱসায়ত সফল হʼব৷ পৰিয়াললৈ শান্তি আহিব । শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰতা অনুভৱ কৰিব ৷