মেষ : (অ,আ, ল)- নিজকে ভালদৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত আজি এক অতি ইতিবাচক বাৰ্তা আনিব।এই সপ্তাহত স্বাস্থ্যৰ বিষয়ে অলপ চিন্তা থাকিব পাৰে। অৱশ্যে আপোনাৰ দৃষ্টিভংগী যথেষ্ট উন্নত হ’ব।
বৃষ (উ,ই,ব)-আজিৰ দিনটোত শাৰীৰিক শুভ হ’ব যদিও মূৰৰ বিষ, মানসিক দিশত অশান্তি বাঢ়িব। শিক্ষাৰ্থীৰ নতুন পৰিকল্পনাক লৈ চিন্তা বাঢ়িব। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে জড়িতসকলৰ মন ভাৰাক্ৰান্ত হ’ব, উন্নতিত বাধা থাকিব।
মিথুন (ক,ছ)- আজিৰ দিনটোত শৰীৰ ভালেই থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত চিন্তা বাঢ়িব যদিও শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে চিন্তা-চৰ্চা আগবাঢ়িব। আর্থিক সমস্যা থাকিলেও বাণিজ্য আৰু কৰ্মত কিছু উন্নতি কাৰক হ’ব।
কর্কট (ড,হ)-মানসিক চাপ বৃদ্ধি পাব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। ৰাজনীতিক আৰু সমাজকর্মী নতুন পৰিকল্পনাত ব্যস্ত হ’ব। বাণিজ্য আৰু কৰ্মত কিছু শুভ কাৰক যদিও আর্থিক অনাটন থাকিব।
সিংহ (ম,ট)- পাৰিবাৰিক সমস্যাই মনত অশান্তি দিব পাৰে। প্ৰেমত অশাস্তিকৰ প্ৰভাৱ থাকিব। শিক্ষার্থীৰ খং, অভিমান বৃদ্ধিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্রীড়াৰ স’তে জড়িতসকলে অশান্তিত ভূগিব।
কন্যা (প,থ,ঠ)-প্ৰেম-পাৰিবাৰিকত অশান্তি হ’ব পাৰে। মনৰ দৃঢ়তাৰ বাবে কৃতকার্য হ’ব। শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিৰ ক্ষেত্ৰত কষ্ট বৃদ্ধি পাব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া।
তুলা (ৰ,ত)- প্রেম-প্রীতিত মধ্যম। শিক্ষা, সাহিত্য, সংস্কৃতিৰ স’তে জড়িত সকলৰ সফলতা লাভ। সমাজকৰ্মী আৰু ৰাজনীতিকৰ কৰ্মোন্নতি হ’ব।
বৃশ্চিক (ন,য)-দিনটো শাৰীৰিক সুস্থতা থাকিব। মনৰ আনন্দ থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত শুভ। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু উন্নতিৰ যোগ।
ধনু (ধ,ভ)- আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ’ব। কৰ্মতো শুভ হোৱাৰ যোগ দেখা যায়। ভ্ৰমণৰ সুযোগ লাভ হ’ব। আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।
মকৰ (খ,জ)- আজি দিনটোত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও কৰ্মত সজাগ নহ’লে সামান্য ভুল- ভ্ৰান্তি হ’ব পাৰে , লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
কুম্ভ (গ,শ,স)- আজিৰ দিনটোত শিল্পীসকলৰ শুভ হ’ব, সন্মান বাঢ়িব, আৰ্থিক দিশত শুভ হ’ব যদিও যদিও দেহ মনত সাধাৰণ আঘাত পোৱাৰ যোগ দেখা যায় ।
মীন (দ,চ)- আজিৰ দিনটোত শৰীৰৰ সামান্য ৰোগ হ’ব পাৰে। মনৰো অশান্তি হ’ব যদিও প্রেম-পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থী, ক্রীড়া সংস্কৃতিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অলপ জটিলতাৰ মাজেৰে পাৰ হ’ব।