মেষ : (অ,আ, ল)- আজি দিনটোত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও কৰ্মত সজাগ নহ’লে সামান্য ভুল- ভ্ৰান্তি হ’ব পাৰে । সামান্য মনোমালিন্য হ’ব পাৰে।
বৃষ (উ,ই,ব)-ভাল কামৰ সুযোগ লাভ কৰিব। কৰ্মত সুনাম বৃদ্ধি হ’ব। প্ৰেমত শুভ হ’ব।
মিথুন (ক,ছ)- আৰ্থিক সুবিধা পোৱাৰ সম্ভাবনা আছে । প্ৰেমৰ বাবে আজিৰ দিনটো যথেষ্ট জটিল। আজি শান্ত-উদ্বেগমুক্ত হৈ থাকিব।
কর্কট (ড,হ)-ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব। আজি আপুনি বাহিৰত সজাগ হৈ চলাটো ভাল হ’ব। স্বাস্থ্যৰ শুভ।
সিংহ (ম,ট)- স্বাস্থ্য সুন্দৰ থাকিব । আপোনাৰ সাহসৰ বাবে প্ৰেমত জয়ী হব । এটা বিশেষ প্ৰচেষ্টাৰ বাবে দিনটো আপোনাৰ বিবাহিত জীৱনৰ ভাল দিন হ’ব পাৰে।
কন্যা (প,থ,ঠ)-আপোনাৰ আবেগপ্ৰৱণ আৰু জেদী প্ৰকৃতি নিয়ন্ত্ৰণ কৰবলৈ চেষ্টা কৰক । আজি আপুনি যথাযথ ভাবে ধন জমা কৰিবলৈ সক্ষম হ’ব । এটি উত্তেজনাপূৰ্ণ নতুন পৰিস্থিতিৰ সম্মুখীন হব পাৰে ।
তুলা (ৰ,ত)- পৰিবাৰৰ সদস্যই আপোনাৰ জীবনত এক বিশেষ স্থান অধিকাৰ কৰিব পাৰে । শৰীৰ কিছু অসুস্থতা হব পাৰে। প্ৰেমত শুভ । ধ্যান আৰু যোগ লাভজনক হ’ব ।
বৃশ্চিক (ন,য)-আপোনাৰ ভাই-ভনীৰ সহায়ত আজি আপুনি আৰ্থিক সুবিধা অৰ্জন কৰিব পাৰিব। প্ৰেমৰ শক্তিয়ে আপোনাক ভালোপোৱাৰ এটা নতুন দিশ প্ৰদান কৰিব। আপুনি কিছু বেয়া খবৰ শুনিবলৈ পাব পাৰে ।
ধনু (ধ,ভ)- আইনী পৰামৰ্শৰ বাবে কোনো আইনজীবীৰ ওচৰলৈ যোৱাৰ পক্ষে ভাল দিন । ছাত্ৰৰ যি বিষয়ত দুৰ্বল আজি আপুনি আপোনাৰ গুৰুৰ লগত সেই বিষয় সম্পৰ্কে কথা পাতিলে ভাল ফল পাব ।
মকৰ (খ,জ)- আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওঁক। টকাৰ অভাৱত পৰিয়ালৰ সৈতে মতবিৰোধ হ’ব পাৰে । কোনো ভাল খবৰ আহিব পাৰে। আজি কোনো সহকৰ্মী আপোনাক কিছু সহায়ক পৰামৰ্শ দিব পাৰে ।
কুম্ভ (গ,শ,স)- অসাধাৰণ প্ৰচেষ্টা আৰু পৰিবাৰৰ সদস্যৰ সমৰ্থনৰ ফলত আকাংক্ষিত ফলাফল পাব পাৰিব। কিন্তু মনোবল বৰ্তাই ৰাখি আপুনি কঠিন কাম কৰিব লাগিব । আপুনি এটি উত্তেজনাপূৰ্ণ নতুন পৰিস্থিতিৰ সম্মুখীন হব পাৰে, যি আপোনাক আৰ্থিকভাবে লাভবান কৰিব পাৰে।
মীন (দ,চ)- আপোনাৰ পৰিবাৰৰ সদস্যৰ প্ৰতি আপোনাৰ আধিপত্য বিস্তাৰকাৰী মনোভাবে আপোনাক অনৰ্থক যুক্তিতৰ্কৰ সৃষ্টি কৰিব পাৰে আৰু সমালোচনাৰ প্ৰাত্ৰ হব পাৰে। প্ৰেমত শুভ হ’ব । ঘৰত কোনো অনুষ্ঠানৰ আয়োজনৰ কাৰণে আপোনাৰ আজি প্ৰচুৰ অৰ্থ ব্যয় হব পাৰে । যি আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰত নেতিবাচক প্ৰভাব পেলাব পাৰে।