মেষ : (অ,আ, ল)- আজিৰ দিনটোত অপ্ৰয়োজনীয় ব্যয়ৰ সমাপ্তি ঘটিব। আজিৰ দিনটোত ব্যৱসায়ীসকলে ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ব। আত্মবিশ্বাস বৃদ্ধি হ’ব। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ’ব। 

বৃষ (উ,ই,ব)-আপুনি আকাংক্ষিত সফলতা লাভ কৰিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ।আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ।

মিথুন (ক,ছ)- ভাগ্য উদয় হ’ব। ব্যৱসায়িক সমস্যাবোৰ দূৰ হ’ব। বিত্তীয় অৱস্থা সুস্থিৰ আৰু শক্তিশালী হ’ব।

কর্কট (ড,হ)-আপোনাৰ আত্মবিশ্বাস দৃঢ় হ’ব। আপুনি আজি বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্ত ল’ব পাৰে। চাকৰি আৰু ব্যৱসায়ত আপোনাৰ নিজৰ প্ৰচেষ্টাৰে অগ্ৰগতি লাভ কৰিব।

সিংহ (ম,ট)- আজি সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু থাকিব। চাকৰি আৰু ব্যৱসায়ত নিজৰ প্ৰচেষ্টাৰে অগ্ৰগতি লাভ কৰিব। মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ’ব পাৰে।

কন্যা (প,থ,ঠ)- কৰ্মক্ষেত্ৰত জীৱন যথেষ্ঠ বিশৃংখল হ’ব। সম্পত্তিসম্পৰ্কীয় আলোচনা শান্তিপূৰ্ণভাৱে সমাধান কৰা হ’ব। কোনােকথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ। 

তুলা (ৰ,ত)- শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী,সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব।

বৃশ্চিক (ন,য)-আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক। শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ হতাশাৰ মাজতাে উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকর্মীৰ উন্নতি।

ধনু (ধ,ভ)- আজিৰ দিনটোত মন ভাগৰুৱা হ’ব পাৰে। অলপ বিষাদৰাে যােগ আছে। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতাে নতুন পৰিকল্পনামতে আগবাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য লাভৰ যােগ।

মকৰ (খ,জ)- মানসিক দিশত নিৰাশ হ’ব পাৰে। আর্থিক,কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। প্রেম-পাৰিবাৰিক দিশত অশুভ। 

কুম্ভ (গ,শ,স)- মনৰ সাহস অক্ষুন্ন থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি হ’ব পাৰে। প্রেমত অশুভ। যথেষ্ট কষ্টৰে আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব।

মীন (দ,চ)- আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ। ৰাজনীতিক, আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply