মেষ : (অ,আ, ল)- অপ্ৰয়োজনীয়ভাৱে ধন খৰচ কৰাৰ ক্ষেত্ৰত সতৰ্ক হওক। প্ৰভাৱশালী মানুহৰ লগত সময় কটাবলৈ আপোনাৰ বহুত সুযোগ থাকিব।

বৃষ (উ,ই,ব)-অলপ শাৰীৰিক অসুস্থাত ভুগিব পাৰে। আপোনাৰ সংগীৰ সৈতে সময় কটাবলৈ ভাল দিন। কৰ্মক্ষেত্ৰত আপুনি উন্নতি কৰিব।

মিথুন (ক,ছ)- সামান্য আঘাত পোৱাৰ সম্ভাৱনা আছে। বিত্তীয় বিষয়ত সিদ্ধান্তহীনতাই আপোনাক অতিষ্ঠ কৰি তুলিব।

কর্কট (ড,হ)-আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ সম্পৰ্কৰ ক্ষেত্ৰত অলপ গভীৰভাৱে চিন্তা কৰিবলৈ চেষ্টা কৰক। দিনটোৰ আৰম্ভণিতে যিমান পাৰে কামবোৰ আগুৱাই ৰাখিবলৈ চেষ্টা কৰক।

সিংহ (ম,ট)- আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আপোনাৰ মনত সামান্য স্বাৰ্থপৰতাৰ ভাৱ বাঢ়িব পাৰে লগতে আজি পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব।

কন্যা (প,থ,ঠ)-আজিৰ দিনটোত নতুন বন্ধু লাভ কৰিব৷ ব্যৱসায় দিশত শুভ যদিও আজি খৰছৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।

তুলা (ৰ,ত)- আয় বাঢ়িব। আজি আপুনি সজাগ নহলে কৰ্মত সামান্য কষ্ট পাব পাৰে৷ বিদ্যাৰ্থীৰ শুভ।

বৃশ্চিক (ন,য)-  আজি কৰ্মত আৱেগিকভাৱে কোনো সিদ্ধান্ত নল’ব। সৎ বন্ধু লগ পাব৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ হ’ব৷ আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । 

ধনু (ধ,ভ)- আজিৰ দিনটোত কৰ্মত সফল হ’ব৷ শুভ সংবাদ লাভ হ’ব৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ (খ,জ)- সন্মান বাঢ়িব৷ সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ (গ,শ,স)- কৰ্মত সজাগ নহলে মনটো সামান্য অস্থিৰ হ’ব পাৰে। দাম্পত্য জীৱনত শুভ হ’ব৷ শিল্পী সকলৰ শুভ হ’ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন (দ,চ)- সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব৷ কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ’ব৷ সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,578 other subscribers

Leave a comment

Leave a Reply Cancel reply