মেষ : (অ,আ, ল)- আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্ত আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। প্ৰেম আৰু পাৰিবাৰিক সুখ শান্তিত বাধা থাকিব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বাঢ়িব। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ শান্তি বিঘ্নিত হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য শুভ কাৰক।
বৃষ (উ,ই,ব)- শাৰীৰিক-মানসিক শুভ। পিচত মনৰ অশান্তি কাৰক হ’ব। প্ৰেম-পাৰিবাৰিকত শুভ ফল দায়ক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। সাহিত্য, ক্ৰীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক কৰ্মত কিছু কষ্ট বাঢ়িব। আৰ্থিক , বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সামান্য লাভ যোগ।
মিথুন (ক,ছ)- শৰীৰৰ শুভ হ’ব যদিও মানসিক দুচিন্তা থাকিব। প্ৰেম-প্ৰীতি, পাৰিবাৰিক শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত সকলৰ কৰ্মত নিয়োজিত হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।
কর্কট (ড,হ)- বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিলে সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়াল আৰু প্ৰেমৰ সৈতে সম্পর্ক ভাল ৷
সিংহ (ম,ট)- আজি সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু থাকিব। চাকৰি আৰু ব্যৱসায়ত নিজৰ প্ৰচেষ্টাৰে অগ্ৰগতি লাভ কৰিব। মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ’ব পাৰে।
কন্যা (প,থ,ঠ)- আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্ত আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। আত্মীয় আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ চেষ্টা কৰিব , সাৱধানে থাকক নহ’লে পিছত গৈ আপুনি ঠগ খোৱাৰ দৰে অনুভৱ কৰিব।
তুলা (ৰ,ত)- পুৰণি ৰোগে আমনি কৰিব পাৰে। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত লোক সকলে মান-সন্মান লাভ কৰিব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সফলতা লাভ কৰিব।
বৃশ্চিক (ন,য)-আজি আপোনাৰ যথেষ্ঠ সাহস, আত্মবিশ্বাস থাকিব। দিনটো আনন্দৰে পাৰ হ’ব। সহকৰ্মীসকলে আপোনাক প্ৰশংসা কৰিব। আপোনাৰ বক্তব্যৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ থাকিব। আপোনাৰ জীৱনত সন্তোষজনক শান্তি আৰু সুখ থাকিব।
ধনু (ধ,ভ)- স্বাস্থ্য ভালে থাকিব। সন্ধিয়াৰ পৰা মনৰ যথেষ্ট উৎসাহ বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব পাৰে।
মকৰ(খ,জ)- আজিৰ দিনটো শাৰীৰিক দিশত শুভ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। যিসকল বৰ্তমান কৰ্মহীন হৈ আছে তেওঁলোকে কামৰ সুযোগ লাভ কৰিব।
কুম্ভ (গ,শ,স)- আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব ।
মীন (দ,চ)- শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী,সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব।