মেষ : (অ,আ, ল)- আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে প্ৰেমত সামান্য জটিলতা বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।
বৃষ (উ,ই,ব)- মানসিক চাপ বৃদ্ধি পাব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। ৰাজনীতিক আৰু সমাজকর্মী নতুন পৰিকল্পনাত ব্যস্ত হ’ব। বাণিজ্য আৰু কৰ্মত কিছু শুভ কাৰক যদিও আর্থিক অনাটন থাকিব।
মিথুন (ক,ছ)- মূৰৰ বিষ, মানসিক দিশত অশান্তি বাঢ়িব। শিক্ষাৰ্থীৰ নতুন পৰিকল্পনাক লৈ চিন্তা বাঢ়িব। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে জড়িতসকলৰ মন ভাৰাক্ৰান্ত হ’ব, উন্নতিত বাধা থাকিব।
কর্কট (ড,হ)- পাৰিবাৰিক সমস্যাই মনত অশান্তি দিব পাৰে। প্ৰেমত অশাস্তিকৰ প্ৰভাৱ থাকিব। শিক্ষার্থীৰ খং, অভিমান বৃদ্ধিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্রীড়াৰ স’তে জড়িতসকলে অশান্তিত ভূগিব।
সিংহ (ম,ট)- আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত কিছু অসুস্থতাৰ যোগ। পৰিয়ালৰ আভ্যন্তৰীণ বুজাবুজিৰ অভাৱত মানসিক অশান্তি হ’ব। প্রেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ যোগ।
কন্যা (প,থ,ঠ)- মানসিক প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত সুখ-শান্তি বৃদ্ধি পাব। শিক্ষার্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব। সাহিত্য-সংস্কৃতিৰ লগত জড়িত সকলৰ সফলতাত যথেষ্ট বাধাই দেখা দিব।
তুলা (ৰ,ত)- শৰীৰৰ সামান্য ৰোগ হ’ব পাৰে। মনৰো অশান্তি হ’ব যদিও প্রেম-পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থী, ক্রীড়া সংস্কৃতিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অলপ জটিলতাৰ মাজেৰে পাৰ হ’ব।
বৃশ্চিক (ন,য)-আৰ্থিক দিশত শুভ হ’ব। কৰ্মতো শুভ হোৱাৰ যোগ দেখা যায়। ভ্ৰমণৰ সুযোগ লাভ হ’ব। আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।
ধনু (ধ,ভ)- শাৰীৰিক সুস্থতা থাকিব। মনৰ আনন্দ থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত শুভ। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু উন্নতিৰ যোগ।
মকৰ(খ,জ)- মনৰ অস্থিৰতা বৃদ্ধি হ’ব পাৰে। আৰ্থিকত অশান্তি থাকিব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মনলৈ নতুন উদ্ভাবনীমূলক চিন্তা আহিব।
কুম্ভ (গ,শ,স)- আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বাকী থকা ধন আপুনি ঘূৰাই পাব ।ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য উন্নতি হ’ব।
মীন (দ,চ)- শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। সন্ধিয়াৰ পৰা দেহ-মনৰ সুখ-শান্তিৰ কাৰক। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত দিনটো শুভাশুভ মিশ্ৰিত ফল পাব। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বাঢ়িব। সাহিত্যিক , শিল্পী, খেলুৱৈয়ে উন্নতিমূলক কৰ্মত ব্যস্ত হ’ব।