মেষ : (অ,আ, ল)- আয় বৃদ্ধি পাব৷ প্ৰেমত শান্তি। মানসিক আৰু পাৰিবাৰিক দিশত কিছু সুখ-শান্তি থাকিব। শিল্প, সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত জড়িত সকলৰ কিছু লাভৰ যোগ।

বৃষ (উ,ই,ব)- আৰ্থিক দিশত শুভ হ’ব। কৰ্মতো শুভ হোৱাৰ যোগ দেখা যায়। ভ্ৰমণৰ সুযোগ লাভ হ’ব। আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

মিথুন (ক,ছ)-  আজিৰ দিনটো শৰীৰৰ সুস্থ হৈ থাকিব। বন্ধু আৰু পৰিয়ালৰ লগত মতানৈক্য হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত কিছু অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মনৰ সন্তুষ্টি লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মীৰ চিন্তা বাঢ়িব।

কর্কট (ড,হ)-  কৰ্মক্ষেত্ৰত জীৱন যথেষ্ঠ বিশৃংখল হ’ব। সম্পত্তিসম্পৰ্কীয় আলোচনা শান্তিপূৰ্ণভাৱে সমাধান কৰা হ’ব। কোনােকথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ। 

সিংহ (ম,ট)-  আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ। ৰাজনীতিক, আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব।

কন্যা (প,থ,ঠ)- আপুনি আপোনাৰ সঙ্গীৰ সৈতে সুখী হ’ব যিয়ে আপোনাক ইমান প্ৰশংসাৰে আকৰ্ষিত কৰে। অবিবাহিত লোকসকলে বিবাহৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ মুখ্য অগ্ৰাধিকাৰ হ’ব এই সময়ত আপোনাৰ সম্পৰ্ক।

তুলা (ৰ,ত)-  কোনো কর্মত আনন্দ পাব৷ হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে৷ মাতৃৰ শৰীৰ বেয়া নহ’ব৷ শুভ বর্ণ ক’লা৷ ক’লা ৰঙৰ কাপোৰ পিন্ধি ভ্রমণ কৰিলে সুফল পাব৷ 

বৃশ্চিক (ন,য)-আৱেগিকভাৱে স্থিৰ হৈ থাকিবলৈ চেষ্টা কৰক যাতে আপুনি হৃদয়ৰ বিষয়বোৰ অধিক ব্যৱহাৰিক ভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। আপুনি বন্ধুবৰ্গৰ সংগত যথেষ্ট মানসিক শান্তি অনুভৱ কৰিব।

ধনু (ধ,ভ)-  আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক।শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ হতাশাৰ মাজতাে উন্নতি কাৰক হ’ব। 

মকৰ(খ,জ)-  আজি আপুনি অলপ কামৰ পৰা অব্যাহতি লৈ আৰাম কৰক আৰু এনেকুৱা কাম কৰক যি কৰি আপুনি ভাল পায়। অপ্ৰত্যাশিতভাৱে আগমণ হোৱা অতিথিৰ বাবে আপুনি যিবোৰ বস্তু অহা মাহত কিনিব লাগিব বুলি ভাবিছিল সেইবস্তুতো আপোনাৰ অযথা খৰচ হব পাৰে।

কুম্ভ (গ,শ,স)- আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। আপোনাৰ ওচৰৰ কোনোবাই সহায়ৰ বাবে আপোনাৰ ওচৰলৈ আহিব পাৰে। আজিৰ দিনটো বিত্তীয় ক্ষেত্ৰত  অতি শুভ দিন।

মীন (দ,চ)-  আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই  আনক আকৰ্ষিত কৰিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply