মেষ : (অ,আ, ল)- আজিৰ দিনটো শাৰীৰিক দিশত কিছু শুভ । কোনাে কথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব।কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ।
বৃষ (উ,ই,ব)-দিনটো শৰীৰৰ অশান্তি হ’ব যদিও সন্ধিয়াৰ পৰা শুভ কাৰক হ’ব। মনৰ অশান্তি কিছু থাকিব। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত শুভ।
মিথুন (ক,ছ)- শৰীৰৰ সুস্থ হৈ থাকিব যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি পাব। মানসিক দিশত সুখ-শান্তিৰ যোগ। প্ৰেম-প্ৰীতি আৰু সাংসৰিক ক্ষেত্ৰত শুভাশুভ মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ মনৰ উচ্চ আকাংক্ষাত বাধাৰ সৃষ্টি হ’ব পাৰে।
কর্কট (ড,হ)- শৰীৰৰ যথেষ্ট শুভ যদিও সন্ধিয়াৰ পৰা সামান্য ৰোগাক্ৰান্ত হ’ব পাৰে। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি হ’ব।
সিংহ (ম,ট)- আজিৰ দিনটোত শৰীৰ সুস্থ হৈ থাকিব। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ । আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হ’ব। শিক্ষার্থীৰ শুভ।
কন্যা (প,থ,ঠ)- মানসিক অস্থিৰতাৰ কাৰণে মনটো অশান্ত হৈ থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হ’ব পাৰে ৷ সম্পত্তি সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকক ৷ আৰ্থিক ক্ষতি হ’ব পাৰে ৷ বদনাম হ’ব পৰা পৰিস্থিতি এৰাই চলক ৷
তুলা (ৰ,ত)-শাৰীৰিক দিশত যথেষ্ট শুভ হ’ব। মনৰ অশান্তি কমিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ কাৰক। ক্ৰীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অস্থিৰতাৰ মাজতো সফলতা লাভৰ যোগ। বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক মনোভাব বাঢ়িব।
বৃশ্চিক (ন,য)- আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত ফল লাভৰ যোগ। মানসিক অশান্তি থাকিলেও পৰিয়ালৰ আৰু প্রেম-প্রীতিত শুভ। শিক্ষার্থীয়ে অধ্যয়নৰ ক্ষেত্ৰত বিশেষ দক্ষতা লাভ কৰিব।
ধনু (ধ,ভ)- আজিৰ দিনটোত শাৰীৰিক ক্ষেত্ৰত সু-স্বাস্থ্যৰ কাৰক। মানসিক ক্ষেত্ৰতো শুভ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ মনত কিছু শান্তি লাভৰ যোগ।
মকৰ (খ,জ)- আজিৰ দিনটো শৰীৰৰ অলপ অশান্তিৰ কাৰক। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম আৰু পাৰিবাৰিক দিশতো শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত শুভ।
কুম্ভ (গ,শ,স)- আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত যথেষ্ট শুভ কাৰক। মানসিক অস্থিৰতা বৃদ্ধি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উৎসাহ-উদ্দীপনা বৃদ্ধিৰ যোগ।
মীন (দ,চ)- মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই বিষণ্ণ কৰি ৰাখিব ৷ অনাৱশ্যক ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে । আদান প্ৰদান সম্বন্ধীয় কোনো কামত অত্যন্ত সতৰ্ক থাকিব ৷