মেষ : (অ,আ, ল)- আপোনাৰ কেৰিয়াৰত উন্নতি লাভ কৰিব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে ভাল খবৰ পাব পাৰে। ভাল চাকৰিৰ প্ৰস্তাৱৰ যোগ পৰিছে। আপুনি প্ৰভাৱশালী লোকসকলক লগ পাব। আজিৰ দিনটোত ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব।

বৃষ (উ,ই,ব) – উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ঋণটো নিষ্পত্তি কৰিবলৈ সক্ষম হ’ব। আজি আপুনি অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। অৰ্থনৈতিক পৰিস্থিতি পূৰ্বৰ তুলনাত উন্নত হ’ব।

মিথুন (ক,ছ)-  আজি দিনটোত পাৰিবাৰিক দিশত শুভ৷ আজি আপোনাৰ সামান্য খৰছ বৃদ্ধি পোৱাৰ যোগ আছে। কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব৷

কর্কট (ড,হ)-স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব ৷ আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে। প্ৰেমত শুভ। মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি পাব পাৰে।

সিংহ (ম,ট)- কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ কামত লাভৱান হ’ব৷ সিদ্ধান্ত লওঁতে সাৱধানে লʼব৷ সমস্যা দূৰ হ’ব৷ প্ৰেমত শুভ।

কন্যা (প,থ,ঠ)- স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক৷ কাহ-জ্বৰে আমনি কৰিব পাৰে৷ প্ৰেমত শুভ৷ ভ্ৰমণ নকৰিব।

তুলা (ৰ,ত)- আৱেগিক চিন্তাবোৰ কমকৈ কৰক৷ নতুন দায়িত্ব পাব পাৰে৷ কামত উৎসাহ বৃদ্ধি৷ যিকোনো কামতে সফল হʼব৷

বৃশ্চিক (ন,য)- কাৰোবাৰ ভাল খবৰে মন আনন্দিত কৰিব। দিনটো পৰিশ্ৰম হ’ব যদিও মন আনন্দত থাকিব। ভ্ৰমণত সতৰ্কতা মানি চলক। শিক্ষাৰ্থীৰ শুভ।

ধনু (ধ,ভ)- আজিৰ দিনটোত সিদ্ধান্ত লওঁতে ভালকৈ লʼব৷ ভাতৃ-ভগ্নীৰ লগত সম্পর্ক মধুৰ হ’ব৷ ভ্ৰমণৰ যোগ আছে।

মকৰ (খ,জ)- কামত লাভৱান হ’ব৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক৷ বিবাহ উপযোগী যুৱক-যুৱতীৰ ভাল খবৰ থাকিব। শিক্ষাৰ্থীৰ শুভ।

কুম্ভ (গ,শ,স)- নতুন দায়িত্ব পাব পাৰে৷ কামত উৎসাহ বৃদ্ধি পাব৷ প্ৰেমত শুভ৷ কাৰোবাৰ ভাল খবৰে মন আনন্দিত কৰিব।

মীন (দ,চ)- দিনটো পৰিশ্ৰম হ’ব যদিও মন আনন্দিত হৈ থাকিব। যিকোনো ক্ষেত্ৰত সতৰ্কতা মানি চলক। শিক্ষাৰ্থীৰ শুভ। ব্যৱসায়ত বাধা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply