মেষ : (অ,আ, ল)- আজি কোনো বিপদাশংকা প্ৰৱণ কাম নকৰাই ভাল।  ঘৰলৈ অতিথি আহিব পাৰে। দিনটোৰ শেষত সন্মান লাভৰ যোগ। কৰ্মক্ষত্ৰত সন্মান বাঢ়িব৷ কৰ্মত যশস্যা বাঢ়িব৷ সামান্য খৰছ বৃদ্ধিৰ যোগ। 

বৃষ (উ,ই,ব)-আজিৰ দিনটোত শুভ সংবাদ লাভ হ’ব৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব৷

মিথুন (ক,ছ)- কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ কামত লাভৱান হ’ব৷ সিদ্ধান্ত লওঁতে সাৱধানে লʼব৷ সমস্যা দূৰ হ’ব৷ প্ৰেমত শুভ।

কর্কট (ড,হ)-আজিৰ দিনটো শৰীৰৰ বাবে শুভ । মানসিক অশান্তি পােৱাৰ যোগ দেখা যায়। ৰাজনীতিক আৰু সমাজকর্মীয়ে কিছু অশান্তি ভোগ কৰিব। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। 

সিংহ (ম,ট)- মনৰ হতাশা কিছু থাকিব। বিদ্যার্থী অধ্যয়নত মনােনিবেশ কৰাত ব্যর্থ হব। শিল্পী, সাহিত্যিকৰ কিছু উন্নতি কাৰক হ’ব। ৰাজনীতিক,সমাজকর্মী আৰু সংবাদকর্মীৰ ব্যস্ততা বৃদ্ধি সফলতা লাভৰ যােগ।

কন্যা (প,থ,ঠ)-শৰীৰ বেয়া নহ’লেও বৰ ভালো নহয়। কৰ্মচিন্তাই মানসিক শক্তি যোগাব। বিদ্যাত সুখ্যাতি। দুষ্টলোকে তোষামোদ কৰিব পাৰে।

তুলা (ৰ,ত)- পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত উন্নতিৰ যোগ৷

বৃশ্চিক (ন,য)-আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য শত্ৰু বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। শুভ সংবাদ লাভ কৰিব।

ধনু (ধ,ভ)- ভ্ৰমণৰ যোগ আছে ৷ পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক ৷ বিদ্যা, কর্মস্থান, দাম্পত্যত শুভ ৷

মকৰ (খ,জ)-  যান-বাহনৰ প্ৰতি সতৰ্ক থাকিব। কোনো পুৰণি ৰোগৰ পৰা মুক্তি পাব। মানসিক আনন্দ পাব। ভৱিষ্যতৰ কোনো পৰিকল্পনাৰ বাবে আনৰ পৰামৰ্শ ল’ব পাৰে।

কুম্ভ (গ,শ,স)-  আজিৰ দিনটোত সিদ্ধান্ত লওঁতে ভালকৈ লʼব৷ ভাতৃ-ভগ্নীৰ লগত সম্পর্ক মধুৰ হ’ব৷ ভ্ৰমণৰ যোগ আছে।

মীন (দ,চ)- দিনটো পৰিশ্ৰম হ’ব যদিও মন আনন্দিত হৈ থাকিব। যিকোনো ক্ষেত্ৰত সতৰ্কতা মানি চলক। শিক্ষাৰ্থীৰ শুভ। ব্যৱসায়ত বাধা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply