মেষ : (অ,আ, ল)- কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত শুভ তথ্য লাভ কৰিব । দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্ধানত বিচৰণ কৰি থকা লোকসকলে লাভ কৰিব পাৰে আকাংক্ষিত সুযোগ। সমাজত সন্মান বাঢ়িব।
বৃষ (উ,ই,ব)- বহিঃৰাজ্যৰ সৈতে জড়িত ব্যৱসায় বা চাকৰি কৰা সকলৰ বাবে আজি দিনটো অতি শুভ । ৰাজনীতিৰ লগত জড়িত লোকসকলে উচ্চ পদবী লাভ কৰিব পাৰে । ধনৰ লেনদেনত সাৱধান হওক।
মিথুন (ক,ছ)- আজি আপুনি নিজকে যিকোনো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা উচিত।শত্ৰুৰ পৰা সাৱধানে থাকিব।
কর্কট (ড,হ)-কেৰিয়াৰ আৰু ব্যৱসায়ত অনুকূল ফল লাভ কৰিব। ব্যৱসায়ত কেৱল আকাংক্ষিত লাভ হোৱাই নহয়, ব্যৱসায়টো সম্প্ৰসাৰণৰ সপোনটোও বাস্তৱত পৰিণত হ’ব। উপাৰ্জনৰ নতুন উৎস সৃষ্টি হ’ব। পৰীক্ষা-প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে।
সিংহ (ম,ট)- পৰিকল্পিত কামৰ জৰিয়তে লক্ষ্যত উপনীত হোৱাটো সম্ভৱ। বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। আত্মবিশ্বাসে নতুন কামক অনুপ্ৰাণিত কৰিব।
কন্যা (প,থ,ঠ)- সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু থাকিব। আপুনি আকাংক্ষিত সফলতা লাভ কৰিব। আপোনাৰ কামবোৰে ভাল নাম আৰু খ্যাতি লাভ কৰিব।
তুলা (ৰ,ত)- আজিৰ দিনটোত সৎ বন্ধু লগ পাব৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ হ’ব৷ আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
বৃশ্চিক (ন,য)-আজি দিনটোত আয় বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব লগতে আজি আপুনি সকলো দিশতে সজাগ হ’ব।
ধনু (ধ,ভ)- মাটি, অট্টালিকা আদিক লৈ পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে। আপোনজনৰ পৰা আকাংক্ষিত সমৰ্থন নাপালে মনটো অলপ দুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে। আপোনাৰ বিৰোধীসকলে কৰ্মক্ষেত্ৰত সক্ৰিয় হৈ থাকিব আৰু আপোনাক আপোনাৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিবলৈ চেষ্টা কৰিব।
মকৰ (খ,জ)- ভাগ্যৰ সমৰ্থন লাভ কৰিবলৈ আৰম্ভ কৰিব আৰু এই সময়ছোৱাত আপুনি কৰ্মসংস্থাপনৰ ক্ষেত্ৰত আকাংক্ষিত সফলতা লাভ কৰিব। ব্যৱসায়ত অহা বাধাসমূহ আঁতৰোৱা হ’ব। ক্ষমতা-চৰকাৰৰ সৈতে জড়িত জনসাধাৰণৰ জৰিয়তে লাভ হ’ব৷
কুম্ভ (গ,শ,স)- নিজৰ কথা-বতৰা আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব। ঘৰত, পৰিয়াল আৰু কৰ্মক্ষেত্ৰত মানুহৰ সৰু সৰু কথাবোৰক আওকাণ কৰিলে ভাল হ’ব। যিসকল লোকে দীৰ্ঘদিন ধৰি নিজৰ কৰ্মসংস্থাপন বা পদোন্নতি আদিৰ বাবে চিন্তিত হৈ আছিল তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ ।
মীন (দ,চ)- আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ’ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ’ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।