মেষ : (অ,আ, ল)- আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়। ব্যয়ৰ ক্ষেত্ৰত সজাগ হ’ব।
বৃষ (উ,ই,ব) -বহুদিনীয়া সমস্যাৰ সমাধান হ’ব। কৰ্মক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণত সজাগ হোৱাটো ভাল হ’ব। প্ৰেমত শুভ । শত্ৰু নাশ হ’ব যদিও মনত সামান্য ভয় আৰু উদ্বিগ্নতা বাঢ়িব।
মিথুন (ক,ছ)- আজিৰ দিনটোত সমস্যাৰ সমাধান কৰাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব। মনত সামান্য চিন্তা ভাৱ বৃদ্ধি পাব পাৰে।
কর্কট (ড,হ)-কৃষি কাৰ্যত জড়িত সকলৰ শুভ। কৰ্মত দ্বায়িত্ব বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ঘৰুৱা দিশত শুভ হ’ব। ঘৰুৱা সম্পত্তি বৃদ্ধি হ’ব।
সিংহ (ম,ট)-আশা নকৰাকৈ আপুনি ভাল খবৰ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সজাগ নহ’লে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়। স্বাস্থ্যৰ প্ৰতি সজাগ হ’ব।
কন্যা (প,থ,ঠ)- আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব। স্বাস্থ্যৰ প্ৰতি সজাগ হ’ব। কৰ্মত বন্ধুৰ দ্বাৰা সহায় লাভ কৰিব। ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব। আত্মীয়ৰ আগমন হ’ব। প্ৰেমত শুভ হ’ব। আৰ্থিক দিশত শুভ ।
তুলা (ৰ,ত)-আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব। কৰ্মক্ষেত্ৰত সজাগ নহ’লে সামান্য কষ্ট পোৱাৰ আশংকা আছে। প্ৰেমত শুভ।
বৃশ্চিক (ন,য)- আত্মীয়ৰ আগমন হ’ব। যিকোনো কামৰ ক্ষেত্ৰত আপুনি সজাগ নহলে বিপদত পৰাৰ আশংকা আছে। মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে। স্বাস্থ্যৰ প্ৰতি সজাগ হ’ব।
ধনু (ধ,ভ)-আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, মনত শান্তি বাঢ়িব। ঘৰুৱা দিশত শুভ হ’ব।
মকৰ (খ,জ)-আপোনাৰ কৰ্মত দায়িত্ব বৃদ্ধি পোৱাৰ যোগ দেখা যায়। মনত সামান্য খং আৰু অভিমান বৃদ্ধি পাব পাৰে। লগতে আজি খৰছৰ ক্ষেত্ৰত সজাগ হ’ব।
কুম্ভ (গ,শ,স)- আজিৰ দিনটোত কৰ্মদক্ষতা বাঢ়িব। আপোনাৰ আয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। বন্ধু বৃদ্ধি পাব। আপুনি ভাল খবৰ লাভ কৰিব পাৰে।
মীন (দ,চ)- পিতৃ-মাতৃৰ পৰা মৰম আশীৰ্বাদ লাভ কৰিব। সম্পত্তি বৃদ্ধি পাব লগতে আজি আপোনাৰ আয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।