মেষ : (অ,আ, ল)- আজিৰ দিনটো আপোনাৰ শুভ৷ ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব। আজি আপুনি বাহিৰত সজাগ হৈ চলাটো ভাল হ’ব। স্বাস্থ্যৰ শুভ।
বৃষ (উ,ই,ব) – শুভ সংবাদ লাভ কৰিব। ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ। আজি আপুনি নিজৰ কর্মত মুক্ত অনুভৱ কৰিব৷ যুৱক-যুৱতীৰ বাবে আজিৰ দিনটো শুভ হ’ব ৷
মিথুন (ক,ছ)-পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব৷ আপোনাৰ দিনটো প্ৰায় ভালকৈ যাব৷ আজি আপুনি আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব। ভালকৈ কৰ্ম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷ সফলতাই লগ দি’ব৷
কর্কট (ড,হ)- আজি দিনটোত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও কৰ্মত সজাগ নহ’লে সামান্য ভুল- ভ্ৰান্তি হ’ব পাৰে , লগতে পৰিয়ালৰ কোনো সদস্যাৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। ৰাজনীতিক আৰু সমাজকর্মীৰ অশান্তিৰ মাজেৰেও লাভৰযােগ।
সিংহ (ম,ট)- কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে, লক্ষ্যত সফল হʼব৷ কঠোৰ পৰিশ্ৰমে সফলতা প্ৰদান কৰিব৷ ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব। আজি আপুনি বাহিৰত সজাগ হৈ চলাটো ভাল হ’ব।
কন্যা (প,থ,ঠ)- আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্নশীল হওঁক। আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হ’ব, লগতে আজি আপোনাৰ কৰ্মত সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
তুলা (ৰ,ত)- সমস্যাৰ সময়ত ধৈৰ্য্য নেহেৰুৱাব। বন্ধুয়ে সহায় কৰিব। আপুনি টকা পইচা অত্যাধিক খৰচ কৰাৰ পৰা বিৰত থাকিব। আত্মীয়ৰ সৈতে সময় কটালে আপোনাৰ ক্লান্তি দূৰ হ’ব।
বৃশ্চিক (ন,য)-আপোনাৰ মনলৈ ইতিবাচক চিন্তা আনিব। আপোনাৰ আত্মবিশ্বাস আৰু শক্তি আজি খুব বেছি হ’ব। আজি আপুনি আপোনাৰ আবেগক নিয়ন্ত্ৰণ কৰি ৰাখিব। আজি আপুনি আনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া উচিত কিন্তু শিশুৰ প্ৰতি অতিৰিক্ত উদাৰতাই সমস্যাৰ সৃষ্টি কৰিব।
ধনু (ধ,ভ)- আপুনি দীৰ্ঘম্যাদী আধাৰত বিনিয়োগ কৰিলে যথেষ্ট লাভবান হ’ব। যিসকলৰ ধন বেচি খৰছ হৈ আছে তেওঁলোকে আজিৰ পৰা নিয়ন্ত্ৰণ কৰিব লাগে । নিজৰ কামত আগবাঢ়ি যাবলৈ হ’লে নতুন দক্ষতা প্ৰদৰ্শন কৰিব লাগিব। আপোনাৰ বিবাহিত জীৱন আজি অলপ সুখৰ হ’ব ।
মকৰ (খ,জ)- আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনোকাৰণত মানসিক অশান্তি হব পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হ’ব। শিক্ষার্থীৰ শুভ। শিল্পীৰ অশান্তিৰ মাজতেই কিছু উন্নয়নমূলক কামত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকর্মী নতুন লাভজনক কামত লাগিব।
কুম্ভ (গ,শ,স)- আজিৰ দিনটো শাৰীৰিক দিশত শুভ। কর্ম, বাণিজ্য আৰু আর্থিক অলপ উন্নতি কাৰক। প্ৰেমত হতাশাৰ যােগ। সামাজিক বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।
মীন (দ,চ)-ঘৰত কোনো অনুষ্ঠানৰ আয়োজনৰ কাৰণে আপোনাৰ আজি প্ৰচুৰ অৰ্থ ব্যয় হ’ব পাৰে। যি আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰত নেতিবাচক প্ৰভাব পেলাব পাৰে। কোনো লোকৰ দ্বাৰা ভাল খবৰ আহিব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰি দিশত শুভ।