মেষ : (অ,আ, ল)- আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। ঘৰত শান্তিৰ পৰিৱেশে বিৰাজ কৰিব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালে থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷
বৃষ (উ,ই,ব)- আশাবাদী হওক আৰু ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । ঘৰুৱা পৰিৱেশ আনন্দৰ, সুন্দৰ আৰু আশাজনক হ’ব ৷ পদোন্নতি হ’ব ৷ বৈবাহিক জীৱনত নতুন পৰিকল্পনা কৰিব পাৰে ৷ সম্পত্তি কিনা-বেচাৰ পৰিকল্পনা কৰিব পাৰে ৷
মিথুন (ক,ছ)- আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বিবাহৰ বাবে উপযুক্ত দিন ৷ আপোনাৰ সংগীৰ লগত ৰোমাণ্টিক সময় অতিবাহিত কৰক।
কর্কট (ড,হ)-বিবাহিতসকলৰ বৈবাহিক জীৱন সুখৰ হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বন্ধু আৰু পৰিয়ালৰ সহযোগৰ বাবে মনত আত্মবিশ্বাস বৃদ্ধি পাব। ব্যৱসায়ী সকলৰ আজি ব্যৱসায়ত লাভৰ যোগ আছে।
সিংহ (ম,ট)-অনাৱশ্যকীয় চিন্তাৰ পৰা আঁতৰি থাকি ফূৰ্তিত থাকিবলৈ যত্ন কৰক ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব৷ হাতলৈ ধন অহাৰ যোগ আছে ৷ সাংসাৰিক দিশতো শুভ।
কন্যা (প,থ,ঠ)- ধ্যান আৰু যোগ কৰি মনক শান্ত কৰক ৷ ঘৰ আৰু সম্পত্তি বিষয়ক আইনী কাম-কাজৰ পৰা আঁতৰত থাকিব ৷ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত ভাল ফল দেখুৱাব৷
তুলা (ৰ,ত)-কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে ভালকৈ ভাবি চাব ৷ আইনী কাম-কাজৰ পৰা আঁতৰত থাকিব৷ মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব ৷ আপোনাৰ জীৱন সংগীৰ বাবে মানসিক অশান্তিৰ সন্মুখীন হ’ব পাৰে।
বৃশ্চিক (ন,য)-সৌভাগ্যৱান হ’ব ৷ ব্যৱসায়ত উন্নতি হ’ব ৷ প্ৰেমত শুভ৷ প্ৰিয়জনক লগ পাব পাৰে৷ খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব, যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়।
ধনু (ধ,ভ)-শিক্ষাৰ্থীসকলৰ বাবে উপযুক্ত দিন৷ সাৱধান হ’ব ৷ মানসিকভাৱে কোনো কথাত ভাগি নপৰিব ৷ বিবাহিতসকলৰ বৈবাহিক জীৱন সুখৰ হ’ব৷
মকৰ (খ,জ)-বন্ধুৰ লগত ঘুৰিলে ফুৰিলে আজিৰ দিনটো ভালে যাব। কিন্তু বেছি খৰছ নকৰিব, নহ’লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘূৰি আহিব।
কুম্ভ (গ,শ,স)- আজি আপুনি অফিচৰ পৰা ঘৰলৈ আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাব। আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ’ব।
মীন (দ,চ)- আজি অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভালকৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে।