মেষ : (অ,আ, ল)-   আজিৰ দিনটোত শিল্পী সকলৰ শুভ হ’ব৷ সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জটিলতা বাঢ়িব পাৰে৷  মনটো সামান্য অস্থিৰ হ’ব পাৰে। 

বৃষ (উ,ই,ব)-আজিৰ দিনটোত সন্মান বাঢ়িব৷ সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। সৎ বন্ধু লগ পাব৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ হ’ব।

মিথুন (ক,ছ)-  শুভ সংবাদ লাভ কৰিব৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।আৰ্থিক দিশত শুভ ৷ যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য কষ্ট পাব পাৰে৷  

কর্কট (ড,হ)- কৰ্মক্ষত্ৰত সন্মান বাঢ়িব৷ কৰ্মত যশস্যা বাঢ়িব৷ সামান্য খৰছ বৃদ্ধিৰ যোগ।   মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে৷ সামান্য মনোমালিন্যৰ যোগ দেখা যায় । 

সিংহ (ম,ট)-  আজিৰ দিনটোত কৰ্ম ক্ষেত্ৰত উন্নতি৷ কৰ্মত আনৰ সহায়-সহযোগিতা লাভ৷ সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ।

কন্যা (প,থ,ঠ)- আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সুযোগ লাভ কৰিব৷ বিদ্যাৰ্থী সকলৰ শুভ৷ ৰোগৰ  পৰা আৰোগ্য হোৱাৰ যোগ দেখা যায়।

তুলা (ৰ,ত)-আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব ৷ ভ্ৰমণৰ সুযোগ লাভ ৷ কৰ্মক্ষত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধিৰ যোগ।  

বৃশ্চিক (ন,য)- আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ কৰ্মত  জটিলতাৰ মাজেৰে সমাধানৰ যোগ দেখা যায় । 

ধনু (ধ,ভ)- আজিৰ দিনটোত  কৰ্মক্ষত্ৰত উন্নতি ৷ প্ৰেমত শুভ ৷ অৰ্থ বৃদ্ধিৰ যোগ দেখা যায়। মনৰ চিন্তা ধাৰা উন্নত হ’ব ৷

মকৰ (খ,জ)-  যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধান হওক। প্ৰেমত শুভ।আপুনি যথেষ্ট সফলতা লাভ কৰিব।

কুম্ভ (গ,শ,স)-  পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। নিজৰ লক্ষ্যত উপনীত হ’বলৈ কষ্ট কৰক।  স্বাস্থ্য আজি যথেষ্ট উন্নত হ’ব।

মীন (দ,চ)-  আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ’ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ’ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমান ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply