মেষ : (অ,আ, ল)-   কামৰ প্ৰতি আপুনি বৰ্তমান তীক্ষ্ণ মনোযোগ দিলে সফলতা আহিব। জ্বৰ–চৰ্দিৰ সমস্যা হ’ব পাৰে।আজি যাতায়াতৰ সমস্যাত পৰিব পাৰে। 

বৃষ (উ,ই,ব)- আজিৰ দিনটোত  শুভ সংবাদ লাভ হ’ব৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন (ক,ছ)-  অতীতৰ পৰিচিত কাৰোবাৰ সৈতে দেখা হ’ব পাৰে, তেওঁ ভৱিষ্যতে আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিব। আপুনি বিগত কিছুদিন ধৰি সিদ্ধান্তহীনতাত ভুগিছে, আজি সুচিন্তিত সিদ্ধান্ত ল’বলৈ সমৰ্থ হ’ব।

কর্কট (ড,হ)- আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আপোনাৰ মনত সামান্য স্বাৰ্থপৰতাৰ  ভাৱ বাঢ়িব পাৰে লগতে আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব।

সিংহ (ম,ট)-  আজিৰ দিনটো শৰীৰৰ শুভ যদিও মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ।আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ।

কন্যা (প,থ,ঠ)- আপুনি গ্ৰহণ কৰা সকলো পদক্ষেপতে আপোনাৰ সংগীয়ে আপোনাক স্বেচ্ছাই সহায় কৰিব। চাকৰি-ব্যৱসায়ত পদোন্নতি লাভ কৰিব। 

তুলা (ৰ,ত)-  আজিৰ দিনটোত শাৰীৰিক, মানসিক শুভ যদিও হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ’ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজত কিছু সফলতা পাব।

বৃশ্চিক (ন,য)- আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব৷ কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ’ব৷ সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।

ধনু (ধ,ভ)- আপোনাৰ ব্যৱসায়ত ভাল প্ৰদৰ্শনে আপোনাক আৰ্থিকভাৱে যথেষ্ট সুস্থ কৰি তুলিব। আপোনাৰ ব্যৱসায় সমৃদ্ধিশালী হৈ উঠিব।

আপুনি এজন অতি প্ৰভাৱশালী ব্যক্তিক লগ পাব যিয়ে আপোনাক বহুত সহায় কৰিব।

মকৰ (খ,জ)-  আজিৰ দিনটো শৰীৰৰ অশান্তিৰ যােগ। মনৰ সাহস অক্ষুন্ন থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তিত ভুগিব পাৰে। 

কুম্ভ (গ,শ,স)-  শাৰীৰিক ক্ষেত্ৰত যথেষ্ট শুভ । মানসিক অস্থিৰতা বৃদ্ধি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উৎসাহ-উদ্দীপনা বৃদ্ধিৰ যোগ। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মনত দুশ্চিন্তা আৰু অশান্তি বৃদ্ধি পাব।

মীন (দ,চ)-  আজি দিনটোত আয় বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব লগতে আজি আপুনি সকলো দিশতে সজাগ হ’ব। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,599 other subscribers

Leave a comment

Leave a Reply Cancel reply