মেষ : (অ,আ, ল)- আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য কষ্ট পাব পাৰে৷  আনৰ সহায় সহযোগিতা লাভ কৰিব৷

বৃষ (উ,ই,ব)-আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব৷ কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ’ব৷ সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় । আৰ্থিক দিশত শুভ।

মিথুন (ক,ছ)-শান্ত আৰু উদ্বেগমুক্ত হৈ থাকিব। আৰ্থিক সাহাৰ্য লাভ কৰাৰ সুযোগ আছে। প্ৰেমৰ বাবে আজিৰ দিনটো যথেষ্ট জটিল। ভয়,ঘৃণা, হিংসা আৰু প্ৰতিশোধক প্ৰশ্ৰয় নিদিব।

কর্কট (ড,হ)-পৰিকল্পিত কামৰ জৰিয়তে লক্ষ্যত উপনীত হোৱাটো সম্ভৱ। বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। আত্মবিশ্বাসে নতুন কামক অনুপ্ৰাণিত কৰিব।

সিংহ (ম,ট)- আজিৰ দিনটোত দ্ৰব্য লাভ হ’ব৷  কৰ্মত সজাগ নহলে মনটো সামান্য অস্থিৰ হ’ব পাৰে। আজিৰ দিনটো আপুনি বিচৰাৰ দৰেই ভাল হ’ব পাৰে। মনত অত্যাধিক চাপ নিদিব। কোনো কাম সম্পূৰ্ণ কৰিব পাৰিব।

কন্যা (প,থ,ঠ)- আজিৰ দিনটোত সন্মান বাঢ়িব৷ সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।এটা কাম সম্পাদন কৰিবলৈ প্ৰয়োজনীয় দক্ষতা প্ৰাপ্ত কৰাৰ দিন।

তুলা (ৰ,ত)-  আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব৷ কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ’ব৷ সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।

বৃশ্চিক (ন,য)-আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ’ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ’ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু (ধ,ভ)- আজিৰ দিনটোত  শুভ সংবাদ লাভ হ’ব৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ (খ,জ)- আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আপোনাৰ মনত সামান্য স্বাৰ্থপৰতাৰ  ভাৱ বাঢ়িব পাৰে।শুভ সংবাদ লাভ কৰিব।

কুম্ভ (গ,শ,স)-  বিবাদ পৰিহাৰ কৰি চলিব। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিব। সুখী জীৱনৰ বাবে বিভ্ৰান্তি আঁতৰাওক। আজি আপুনি ধৰ্মীয় কামত মনোনিৱেশ কৰিব পাৰে। 

মীন (দ,চ)- আজি আপুনি আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব। স্বাস্থ্যৰ প্ৰতি যত্নশীল হ’ব। আজি এটা অনাকাংশিত পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply