মেষ : (অ,আ, ল)-  সফলতা লাভ ৷ মানসিক অস্থিৰতাত ভূগিব ৷ ইতিবাচক চিন্তাই সফল হোৱাত সহায় কৰিব ৷ স্বাস্থ্য সংক্ৰান্তীয় সমস্যাত ভূগিব ৷ ব্যয় বৃদ্ধি ৷ বিনিয়োগত লোকচান হ’ব ৷ তথাপিও ভৱিষ্যতৰ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ৷ বৌদ্ধিক যুক্তিতৰ্ক আৰু আলোচনাৰ পৰা আতঁৰত থাকক ৷

বৃষ (উ,ই,ব)-সফলতা লাভ কৰিব ৷ পদোন্নতি, বেতন বৃদ্ধি আৰু প্ৰশংসাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব ৷ গাৰ্হস্থ্য জীৱন সুখৰ হ’ব ৷ সন্তানে সকলো দিশত অগ্ৰগতি লাভ কৰিব ৷

মিথুন (ক,ছ)-শান্ত আৰু উদ্বেগমুক্ত হৈ থাকিব। আৰ্থিক সাহাৰ্য লাভ কৰাৰ সুযোগ আছে। প্ৰেমৰ বাবে আজিৰ দিনটো যথেষ্ট জটিল। ভয়,ঘৃণা, হিংসা আৰু প্ৰতিশোধক প্ৰশ্ৰয় নিদিব।

কর্কট (ড,হ)-পৰিকল্পিত কামৰ জৰিয়তে লক্ষ্যত উপনীত হোৱাটো সম্ভৱ। বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। আত্মবিশ্বাসে নতুন কামক অনুপ্ৰাণিত কৰিব।

সিংহ (ম,ট)- আজিৰ দিনটোত দ্ৰব্য লাভ হ’ব৷  কৰ্মত সজাগ নহলে মনটো সামান্য অস্থিৰ হ’ব পাৰে। আজিৰ দিনটো আপুনি বিচৰাৰ দৰেই ভাল হ’ব পাৰে। মনত অত্যাধিক চাপ নিদিব। কোনো কাম সম্পূৰ্ণ কৰিব পাৰিব।

কন্যা (প,থ,ঠ)- আজিৰ দিনটোত সন্মান বাঢ়িব৷ সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।এটা কাম সম্পাদন কৰিবলৈ প্ৰয়োজনীয় দক্ষতা প্ৰাপ্ত কৰাৰ দিন।

তুলা (ৰ,ত)-  আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব৷ কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ’ব৷ সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।

বৃশ্চিক (ন,য)-আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ’ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ’ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু (ধ,ভ)- আজিৰ দিনটোত  শুভ সংবাদ লাভ হ’ব৷ প্ৰেমত শুভ যদিও আজি মনত সামান্য বিদ্বেষভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ (খ,জ)- আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আপোনাৰ মনত সামান্য স্বাৰ্থপৰতাৰ  ভাৱ বাঢ়িব পাৰে।শুভ সংবাদ লাভ কৰিব।

কুম্ভ (গ,শ,স)-  আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য কষ্ট পাব পাৰে৷  আনৰ সহায় সহযোগিতা লাভ কৰিব৷

মীন (দ,চ)-  সম্পৰ্ক উন্নত হ’ব ৷ লাভাম্বিত হ’ব ৷ সতৰ্কতা অৱলম্বন কৰক ৷ শাৰীৰিক আৰু মানসিক চিন্তাত ভূগিব পাৰে ৷ সম্পৰ্কীয় লোকৰ লগত হোৱা বিবাদে সম্পৰ্কত আঘাত সানিব পাৰে ৷ মাতৃৰ স্বাস্থ্য চিন্তা হ’ব পাৰে ৷ পানীৰ পৰা আঁতৰত থাকক ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply