মেষ : (অ,আ, ল)-মানসিক সন্তুষ্টি । উত্তৰে ভ্ৰমণ কৰিলে লাভৱান হ’ব। ঘৰ-বাৰী ক্ৰয়ৰ বাবে কৰা পৰিকল্পনা কাৰ্যকৰী হ’ব।  দৰিদ্ৰ লোকক ভোজন কৰাওক।

বৃষ (উ,ই,ব)-আনৰ প্ৰিয় পাত্ৰ হ’ব পাৰিব। উগ্ৰ সাহস দেখুৱালে বিপদত পৰিব পাৰে। প্ৰতিভা বিকাশৰ যোগ। প্ৰতিযোগিতাত জয়লাভ। 

মিথুন (ক,ছ)- হতাশা আঁতৰিব। কৰ্ম নিষ্ঠা, দক্ষতা বৃদ্ধি পাব। ক্ৰীড়াত দক্ষতা বৃদ্ধি। পূব দিশত ভ্ৰমণ নকৰিব।

কর্কট (ড,হ)- আৰ্থিক উন্নতিৰ লগতে সমান খৰচৰ মুখামুখি হোৱাৰ যোগ। কৰ্মত মানসিক চাপ থাকিব। কাম-কাজৰ পৰিসৰ বৃদ্ধি পাব। 

সিংহ (ম,ট)-মানসিক শান্তি আনে ভংগ কৰিব পাৰে। আনৰ ওপৰত সকলো ভৰসা নকৰিব। ধনৰ চিন্তা বৃদ্ধি পাব। 

কন্যা (প,থ,ঠ)-কাৰ্যসিদ্ধিৰ যোগ। শিৱ মন্দিৰত গাখীৰ, বেলপাত দিয়ক। পৰিশ্ৰমৰ সুফল পাব। আনৰ প্ৰতি আকোৰগোজ মনোভাৱ নাৰাখিব।

তুলা (ৰ,ত)-কোনো উদ্দেশ্য ফলৱৰ্তী হোৱাত সহায় হ’ব। মানসিক শক্তি বৃদ্ধি পাব। আনক দুৰ্বল গণ্য নকৰিব।

বৃশ্চিক (ন,য)-কৰ্ম সচেতনতা বৃদ্ধি হ’ব। আয়-ব্যয় সমতা ৰক্ষা কৰক । ক্ৰীড়াবিদ, শিক্ষাবিদৰ সুখ্যাতি বৃদ্ধি। আনৰ আস্থা লাভ কৰিব। 

ধনু (ধ,ভ)-উদ্দেশ্য সফল হ’ব। প্ৰতিযোগিতাত জয়লাভ। আয়ৰ পথ মুকলি হ’ব। হতাশা-ক্ষোভ আঁতৰিব। 

মকৰ (খ,জ)-ব্যৱসায়ত ভালকৈ চকু নিদিলে ক্ষতি হোৱাৰ সম্ভাৱনা। শিল্পী-সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে শুভ দিন। 

কুম্ভ (গ,শ,স)-মনোবাঞ্চা সিদ্ধি হোৱাৰ যোগ। যিকোনো সমস্যা উপস্থিত বুদ্ধিৰে চম্ভালি ল’ব পাৰিব। নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিব।

মীন (দ,চ)-আনৰ প্ৰিয়পাত্ৰ হ’ব পাৰিব। ধনৰ হৰলুকী হ’ব পাৰে। আনৰ হিত চিন্তাত ব্ৰতী হওক। পথ পাৰ হওতে সাৱধান হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply