মেষ : (অ,আ, ল)-  শৰীৰৰ যথেষ্ট শুভ যদিও সন্ধিয়াৰ পৰা সামান্য ৰোগাক্ৰান্ত হ’ব পাৰে। মানসিক ক্ষেত্ৰত শুভ । প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত সুখ-শান্তি থাকিব। 

বৃষ (উ,ই,ব)- নিজৰ কামত মনোনিৱেশ কৰক।  কামত সকলোৰে সহযোগিতা লাভ কৰিব ৷ ধৈয্য ধৰক৷ অনৈতিক কাৰ্যৰ পৰা আঁতৰত থাকিব ৷

মিথুন (ক,ছ)-  আজিৰ দিনটো শাৰীৰিক দিশত শুভ।  প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। যিসকল বৰ্তমান কৰ্মহীন হৈ আছে তেওঁলোকে কামৰ সুযোগ লাভ কৰিব।

কর্কট (ড,হ)- আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভা। কোনো কাৰণত  মানসিক অশান্তি ভুগ কৰিব  পাৰে। প্ৰেম-প্ৰীতি আৰু ঘৰুৱা দিশত শুভ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ উন্নতি হ’ব। 

সিংহ (ম,ট)- অকাৰণতে আপুনি হতাশাত ভুগিব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ।

কন্যা (প,থ,ঠ)- শাৰীৰিক ক্ষেত্ৰত আজিৰ দিনটো শুভ । প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব পাৰে। সাহিত্য-সংস্কৃতিত জড়িতসকলৰ সফলতা লাভৰ হ’ব পাৰে।

তুলা (ৰ,ত)- আজিৰ দিনটোত অলপ মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। ৰাজনীতিকৰ কৰ্ম তৎপৰতা বাঢ়িব। কৰ্মক্ষেত্ৰ বাণিজ্য আৰু আৰ্থিক দিশত শুভ। 

বৃশ্চিক (ন,য)-স্বাস্থ্য ভালে থাকিব। সন্ধিয়াৰ পৰা মনৰ যথেষ্ট উৎসাহ বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব পাৰে। 

ধনু (ধ,ভ)-  পুৰণি ৰোগে আমনি কৰিব পাৰে।  সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত লোক সকলে মান-সন্মান লাভ কৰিব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সফলতা লাভ কৰিব।

মকৰ(খ,জ)-  নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ বাবে ভাল দিন ৷ স্বাস্থ্য ভালে থাকিব ৷ চাকৰিয়ালসকলৰ উন্নতি আৰু পদোন্নতি হ’ব পাৰে ৷

কুম্ভ (গ,শ,স)- আইনী কামত সাৱধান হওক ৷ অদৰকাৰী আলোচনাৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ ঘৰৰ পৰা আৰু প্ৰিয়জনৰ পৰা আঁতৰত থকাৰ ফলত মনটোৱে অশান্তি লাভ কৰিব ৷ খৰচ বৃদ্ধি পাব৷

মীন (দ,চ)- আজি বহু পৰিস্থিতি আপোনাৰ হাতৰ বাহিৰলৈ যাব পাৰে। অতীতৰ ব্যৱসায়িক পৰিকল্পনাই আজি ফল দিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,599 other subscribers

Leave a comment

Leave a Reply Cancel reply