মেষ : (অ,আ, ল)- স্বাস্থ্য ভালে থাকিব। সন্ধিয়াৰ পৰা মনৰ যথেষ্ট উৎসাহ বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব পাৰে।

বৃষ (উ,ই,ব)- আজি বহু পৰিস্থিতি আপোনাৰ হাতৰ বাহিৰলৈ যাব পাৰে। অতীতৰ ব্যৱসায়িক পৰিকল্পনাই আজি ফল দিব।

মিথুন (ক,ছ)- আজিৰ দিনটো শাৰীৰিক দিশত শুভ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। যিসকল বৰ্তমান কৰ্মহীন হৈ আছে তেওঁলোকে কামৰ সুযোগ লাভ কৰিব।

কর্কট (ড,হ)- আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভা। কোনো কাৰণত মানসিক অশান্তি ভুগ কৰিব পাৰে। প্ৰেম-প্ৰীতি আৰু ঘৰুৱা দিশত শুভ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ উন্নতি হ’ব।

সিংহ (ম,ট)- অকাৰণতে আপুনি হতাশাত ভুগিব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ।

কন্যা (প,থ,ঠ)- শাৰীৰিক ক্ষেত্ৰত আজিৰ দিনটো শুভ । প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব পাৰে। সাহিত্য-সংস্কৃতিত জড়িতসকলৰ সফলতা লাভৰ হ’ব পাৰে।

তুলা (ৰ,ত)- আজিৰ দিনটোত অলপ মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। ৰাজনীতিকৰ কৰ্ম তৎপৰতা বাঢ়িব। কৰ্মক্ষেত্ৰ বাণিজ্য আৰু আৰ্থিক দিশত শুভ।

বৃশ্চিক (ন,য)-শৰীৰৰ যথেষ্ট শুভ যদিও সন্ধিয়াৰ পৰা সামান্য ৰোগাক্ৰান্ত হ’ব পাৰে। মানসিক ক্ষেত্ৰত শুভ । প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত সুখ-শান্তি থাকিব।

ধনু (ধ,ভ)- পুৰণি ৰোগে আমনি কৰিব পাৰে। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত লোক সকলে মান-সন্মান লাভ কৰিব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সফলতা লাভ কৰিব।

মকৰ(খ,জ)- নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ বাবে ভাল দিন ৷ স্বাস্থ্য ভালে থাকিব ৷ চাকৰিয়ালসকলৰ উন্নতি আৰু পদোন্নতি হ’ব পাৰে ৷

কুম্ভ (গ,শ,স)- আইনী কামত সাৱধান হওক ৷ অদৰকাৰী আলোচনাৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ ঘৰৰ পৰা আৰু প্ৰিয়জনৰ পৰা আঁতৰত থকাৰ ফলত মনটোৱে অশান্তি লাভ কৰিব ৷ খৰচ বৃদ্ধি পাব৷

মীন (দ,চ)- নিজৰ কামত মনোনিৱেশ কৰক। কামত সকলোৰে সহযোগিতা লাভ কৰিব ৷ ধৈয্য ধৰক ৷ অনৈতিক কাৰ্যৰ পৰা আঁতৰত থাকিব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply