মেষ : (অ,আ, ল)- মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ’ব পাৰে। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতাে নতুন পৰিকল্পনা মতে আগবাঢ়িব।
বৃষ (উ,ই,ব)-আজিৰ দিনটো শাৰীৰিক দিশত কিছু শুভ । কোনাে কথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব।কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ।
মিথুন (ক,ছ)- শৰীৰৰ সুস্থ হৈ থাকিব যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি পাব। মানসিক দিশত সুখ-শান্তিৰ যোগ। প্ৰেম-প্ৰীতি আৰু সাংসৰিক ক্ষেত্ৰত শুভাশুভ মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ মনৰ উচ্চ আকাংক্ষাত বাধাৰ সৃষ্টি হ’ব পাৰে।
কর্কট (ড,হ)- শৰীৰৰ যথেষ্ট শুভ যদিও সন্ধিয়াৰ পৰা সামান্য ৰোগাক্ৰান্ত হ’ব পাৰে। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি হ’ব।
সিংহ (ম,ট)- আজিৰ দিনটোত শৰীৰ সুস্থ হৈ থাকিব। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ । আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হ’ব। শিক্ষার্থীৰ শুভ।
কন্যা (প,থ,ঠ)- মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ।
তুলা (ৰ,ত)-আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বাঢ়িব। সাহিত্যিক , শিল্পী, খেলুৱৈয়ে উন্নতিমূলক কৰ্মত ব্যস্ত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য উন্নতি হ’ব।
বৃশ্চিক (ন,য)- আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত ফল লাভৰ যোগ। মানসিক অশান্তি থাকিলেও পৰিয়ালৰ আৰু প্রেম-প্রীতিত শুভ। শিক্ষার্থীয়ে অধ্যয়নৰ ক্ষেত্ৰত বিশেষ দক্ষতা লাভ কৰিব।
ধনু (ধ,ভ)- দিনটো শৰীৰৰ যথেষ্ট শুভ যদিও সন্ধিয়াৰ পৰা সামান্য ৰোগাক্ৰান্ত হ’ব পাৰে। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত সুখ-শান্তি থাকিব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত লোকৰ মান-সন্মান লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সফলতা লাভ কৰিব।
মকৰ (খ,জ)- আজিৰ দিনটো শৰীৰৰ অলপ অশান্তিৰ কাৰক। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম আৰু পাৰিবাৰিক দিশতো শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত শুভ।
কুম্ভ (গ,শ,স)- আজিৰ দিনটোত শাৰীৰিক ক্ষেত্ৰত সু-স্বাস্থ্যৰ কাৰক। মানসিক ক্ষেত্ৰতো শুভ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ মনত কিছু শান্তি লাভৰ যোগ।
মীন (দ,চ)- কোনােকথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব।