মেষ : (অ,আ, ল)- শাৰীৰিক ক্ষেত্ৰত আজিৰ দিনটো শুভ। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে। কৰ্ম,আৰ্থিক আৰু ব্যৱসায়ত সামান্য উন্নতি হ’ব। ঘৰুৱা দিশত শুভ।
বৃষ (উ,ই,ব)-সন্ধিয়াৰ পৰা মনত যথেষ্ঠ উৎসাহ বৃদ্ধি পাব পাৰে। সাহিত্য-সংস্কৃতিৰ লগত জড়িত থকা সকলৰ সফলতা লাভৰ যোগ। স্বাস্থ্য ভালে থাকিব।
মিথুন (ক,ছ)- দিনটো শৰীৰ ঠিকে যাব যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি আহিব পাৰে। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম,বাণিজ্য আৰু আৰ্থিক দিশত কিছু লাভৱান হ’ব।
কর্কট (ড,হ)- কৰ্মত নতুন সংযোগ। আৰ্থিক উন্নত বা কৰ্মোন্নতিৰ পৰিকল্পনাত যোগাত্মক দিশ। স্বাস্থ্য ভালে থাকিব। অৰ্থ হানি।
সিংহ (ম,ট)-আত্নপ্ৰতিষ্ঠাৰ চেষ্টাত যোগাত্মক ইংগিত। প্ৰাপ্য ধন পোৱাত বাধা। যিকোনো কৰ্ম বা ব্যৱহাৰত বাধাৰ মুখামুখি,শংকাই দেখা দিবও পাৰে। পৰাপক্ষত নিজৰ সুনাম ৰক্ষা কৰাৰ যত্ন কৰক।
কন্যা (প,থ,ঠ)-বিশ্বাসঘাতকৰ দৰে লোকৰ সংযোগ। ঘৰত কোনো মাংগলিক কামৰ যো-জা হ’ব পাৰে।ব্যৱসায়-বাণিজ্যত জড়িত যদি মনোযোগ দিয়ক প্ৰচুৰ উন্নতিৰ যোগ।সামাজিক কামত নেতৃত্ব লোৱা ব্যক্তিৰ বাবে উন্নত দিন।
তুলা (ৰ,ত)-আপোনাৰ কৰ্মোন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ পৰিব। পাৰিবাৰিক জীৱন সুখৰ হ’ব।বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি পাব। শত্ৰুৰ ষড়যন্ত্ৰ সফল নহ’ব। স্বাস্থ্য খুব উন্নত নহয়।
বৃশ্চিক (ন,য)- আজিৰ দিনটো শুভ। বেপাৰ-বাণিজ্যত জড়িত সকলৰ প্ৰচুৰ উন্নতি। মাটি-বাৰী বা অন্য সা-সম্পত্তি লোৱাৰ কথা ভাবিব পাৰে। মনত নতুন পৰিকল্পনাই গজালি মেলিব পাৰে। কৰ্মক্ষেত্ৰত প্ৰতিকূল বুলি ক’ব নোৱাৰি।
ধনু (ধ,ভ)- দিনটো আপোনাৰ তুলনামূলকভাৱে শুভ। কাম-কাজৰ ব্যস্ততা বাঢ়িব পাৰে। প্ৰাপ্য ধন আদায় হ’ব পাৰে। ৰাজনীতিকৰ পক্ষে দিনটো পীড়াদায়ক ৰূপে পৰিগণিত হ’ব পাৰে।
মকৰ (খ,জ)-সামাজিক কৰ্মত জড়িত থকাজনৰ পক্ষে সুনাম বৃদ্ধিৰ সম্ভাৱনা। বাকসংযম অটুট ৰখা বাঞ্চনীয়। মানসিক উদ্বেগ বৃদ্ধি পাব। মনোবলেৰে সমস্যাৰ সন্মুখীন হ’ব পাৰিব।
কুম্ভ (গ,শ,স)-দিনটো আপোনাৰ বাবে সমস্যা মুক্ত হৈ উঠিব। কাম-কাজৰ ব্যস্ততা বাঢ়িব পাৰে। প্ৰাপ্য ধন আদায় হ’ব পাৰে।
মীন (দ,চ)-দিনটো তুলনামূলকভাৱে শুভ ৰূপে গণ্য হ’ব পাৰে। হাতলৈ ধন অহাৰ সম্ভাৱনা। কৰ্মত সাৱধানতা মানি চলিব। পাৰিবাৰিক সমস্যা কমিব পাৰে।