মেষ : (অ,আ, ল)-  মেঘ ৰাশি সকলৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত যথেষ্ট শুভ ।  ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে। অৱশ্যে সন্ধিয়াৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপুনি দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। 

বৃষ (উ,ই,ব) – বৃষ ৰাশি সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে প্ৰেমত সামান্য জটিলতা বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

মিথুন (ক,ছ)- মিথুন ৰাশিৰ লোকসকলৰ আজিৰ দিনটোত শিল্পীসকলৰ শুভ হ’ব, সন্মান বাঢ়িব, আৰ্থিক দিশত শুভ হ’ব যদিও যদিও দেহ মনত সাধাৰণ আঘাত পোৱাৰ যোগ দেখা যায় । 

কর্কট (ড,হ)- কৰ্কট ৰাশিৰ লোকসকলৰ আজি দুপৰীয়াৰ পৰা শৰীৰৰ কিছু শুভ কাৰক হ’ব। মনৰ অশান্তিও হ্ৰাস পাব পাৰে। প্ৰেম-পাৰিবাৰিকত কিছু অশান্তি থাকিব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধিৰ যোগ। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ সৈতে জড়িত সকলৰ নিৰাশাৰ মাজতো লাভজনক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততাৰ কাৰক। আৰ্থিক, বাণিজ্য আৰু কৰ্মত উন্নতি ।

সিংহ (ম,ট)– সিংহ ৰাশিৰ লোকসকলৰ যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব কিন্ত আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব।  প্ৰেম আৰু পাৰিবাৰিক সুখ শান্তিত বাধা থাকিব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বাঢ়িব। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ শান্তি বিঘ্নিত হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য শুভ কাৰক। 

কন্যা (প,থ,ঠ)-কন্যা ৰাশিৰ লোকসকলৰ আজিৰ দিনটোত শাৰীৰিক ক্ষেত্ৰত শুভ। মানসিক ক্ষেত্ৰতো শুভ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ মনত কিছু শান্তি লাভৰ যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰো শুভ কাৰক হ’ব৷ 

তুলা (ৰ,ত)- তুলা ৰাশিৰ লোকসকলৰ আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ যোগ আছে। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ’ব। 

বৃশ্চিক (ন,য)- বৃশ্চিক ৰাশিৰ লোকসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি ঘৰুৱা কামত সজাগ হোৱাটো ভাল হ’ব, লগতে অবিশ্বাসী মানুহৰ পৰা আজি আঁতৰি থাকিব। 

ধনু (ধ,ভ)- ধনু ৰাশিৰ লোকসকলৰ বিপদৰ আশংকা কম যদিও কৰ্ম-ব্যৱসায়ত সতৰ্কতা হৈ থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিলে সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়াল আৰু প্ৰেমৰ সৈতে সম্পর্ক ভাল ৷

মকৰ (খ,জ)- মকৰ ৰাশিৰ লোকসকলে ভাল কামৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল ফল পাব। আজি আপোনাৰ ঘৰলৈ আত্মীয়ৰ আগমন হ’ব পাৰে।

কুম্ভ (গ,শ,স)- দুপৰীয়ালৈ শাৰীৰিক-মানসিক শুভ। পিচত মনৰ অশান্তি কাৰক হ’ব। প্ৰেম-পাৰিবাৰিকত শুভ ফল দায়ক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। সাহিত্য, ক্ৰীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক কৰ্মত কিছু কষ্ট বাঢ়িব। আৰ্থিক , বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সামান্য লাভ যোগ।

মীন (দ,চ)-দুপৰীয়াৰ পৰা শৰীৰৰ শুভ কাৰক হ’ব যদিও মানসিক দুচিন্তা থাকিব। প্ৰেম-প্ৰীতি, পাৰিবাৰিক শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত সকলৰ কৰ্মত নিয়োজিত হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply