গুৱাহাটীঃ মাজুলীৰ গড়মূৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অমূল্য গোস্বামীক নিলম্বন। শিশু শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যু সন্দৰ্ভত প্ৰাথমিক অনুসন্ধানৰ পিছতে স্বাস্থ্য বিভাগে নিলম্বন কৰে অধীক্ষকজনক।
বুধবাৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম দিৱস উপলক্ষে মাজুলীৰ কমলাবাৰীত অনুষ্ঠিত হোৱা ‘বৰগীত’ৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰি থাকোতে অসুস্থ হৈছিল তেজস্বিতা। শিল্পীগৰাকীক ততাতৈয়াকৈ গড়মুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও গড়মূৰৰ জিলা চিকিৎসালয়ত প্ৰায় এক ডেৰ ঘন্টা চিকিৎসালয়ত থকাৰ পিছতো অজ্ঞান হৈ থকা তেজস্বিতাক অক্সিজেনৰ যোগান বা আই চি ইউত ভৰ্তি নকৰাকৈ বেজী চেলাইন দিয়েই দায়িত্ব সামৰে চিকিৎসালয়খনে। মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে তেজস্বিতাই।
ইফালে শিল্পী গৰাকী হঠাৎ হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। এই ঘটনাৰ পিছতে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে গৰজি উঠে পৰিয়ালৰ লোক । উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই তেজস্বিতাৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে।
ইয়াৰ উপৰিও, স্থানীয় লোকে অভিযোগ কৰিছে যে গড়মূৰ অসামৰিক চিকিৎসালয়ত জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে বিভিন্ন সা-সুবিধাৰ লগতে চিকিৎসকৰো অভাৱ।
চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অমূল্য গোস্বামীক নিলম্বনৰ পিছতেই ডাঃ কিশোৰ বৰ্মনক চিকিৎসালয়খনৰ নতুন অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এপিচিচিৰ সভাপতি ভূপেন বৰাই কয় যে চিকিৎসাৰ অভাৱত মৃত্যুক সাৱতি লোৱা মাজুলীৰ উদীয়মান শিল্পী তেজস্বিতাৰ কৰুণ মৃত্যুয়ে আকৌ এবাৰ অসমৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবিখন উদঙাই দিছে।