গুৱাহাটী : মহানগৰী গুৱাহাটীৰ যোৰাবাটত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। যোৰাবাটস্থিত শৰ্মা আহাৰ নামৰ হোটেলৰ কৰ্মচাৰী এজনৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহ উদ্ধাৰ হোৱা লোক জন বিহাৰৰ বাসিন্ধা বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
বৃহস্পতিবাৰে মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটৰ শৰ্মা আহাৰ নামৰ হোটেলখনত কৰ্মৰত এজন লোকৰ মৃতদেহ হোটেলখনৰ বিল্ডিঙৰ তলত উদ্ধাৰ হয়। পুৱাৰ ভাগত স্থানীয় লোকে হোটেলৰ বিল্ডিঙৰ তলত হোটেলখনৰ কৰ্মচাৰীজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে। মৃত হোটেল কৰ্মচাৰী জনৰ নাম মনোজ শাহু বুলি জানিব পৰা গৈছে।
মনোজ শাহু বিহাৰৰ বাসিন্ধা আৰু যোৱা দুবছৰ ধৰি শৰ্মা আহাৰ হোটেলত কৰ্মৰত হৈ আছিল। ঘটনাৰ খবৰ পাই যোৰাবাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে মনোজ শাহুৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসলায়লৈ প্ৰেৰণ কৰিছে।