গুৱাহাটী : শিৱসাগৰৰ পৰা জয়লাভ কৰিয়ে নতুন গৃহ পালে অখিল গগৈ। প্ৰাক্তন মন্ত্ৰী বৃন্দাৱন গোস্বামীৰ বাসগৃহ লাভ কৰিলে অখিল গগৈ। কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ নতুন ঠিকনা দিছপুৰৰ বিধায়ক আৱাস গৃহত থকা ৫৩ নম্বৰ কুটীৰ।
দেওবাৰে ঘোষণা কৰা হয় অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। ফলাফলৰ পৰিনাম বিজেপিৰ পক্ষত আৰু বিজেপি পুনৰবাৰ চৰকাৰৰ গঠন কৰি দিছপুৰত থাকিব। বিজেপিৰ লগতে দিছপুৰত স্থান লাভ কৰিবলৈ সক্ষম হ’ল বিজেপিৰ নীতি সমূহক বিৰোধিতা কৰা কৃষক নেতা অখিল গগৈ।
ৰাজপথৰ আন্দোলনৰ পৰা অখিল গগৈৰ দিছপুৰৰ মজিয়ালৈ এই যাত্ৰাৰ মূলত আছে শিৱসাগৰবাসী ৰাইজ। ২০২১ ৰ অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰবাসী ৰাইজে অখিল গগৈক নিৰ্বাচিত কৰি দিছপুৰলৈ পঠিয়াইছে। জয়লাভ কৰিয়ে অখিল গগৈৰ নতুন ঠিকনা হৈছে দিছপুৰৰ বিধায়ক আৱাস গৃহত থকা ৫৩ নম্বৰ কুটীৰ।
প্ৰাক্তন মন্ত্ৰী বৃন্দাৱন গোস্বামীৰ ৫৩ নম্বৰ কুটীৰ এতিয়া হ’ল অখিল গগৈৰ। কাৰাগাৰৰ ভিতৰত পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ সাব্যস্ত কৰিছে অখিক গগৈ। ইফালে বটদ্ৰৱাৰ পৰা কংগ্ৰেছৰ শিৱামণি বৰাৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈ দিছপুৰৰ আৱাস গৃহ খালি কৰিছে বিজেপিৰ আঙুৰলতা ডেকাই।