আজিৰ দিনত যান-বাহন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। সেইয়া লাগিলে ব্যক্তিগত ভ্ৰমণৰ বাবেই হওক বা ব্যৱসায়িক কাৰণতে হওক যান-বাহনৰ অবিহনে জীৱনটোক চলাই নিয়াৰ কথা এতিয়া আমি হয়তো কল্পনাও কৰিব নোৱাৰো।

কিন্তু লগত এখন বাহন থকা মানেই সমান্তৰালভাবে আহি পৰে খৰচৰ কথা, বিশেষকৈ আমাৰ বেয়া ৰাস্তা-ঘাটৰ ফলত গাড়ী বিলাকৰ সততে বিভিন্নধৰণৰ বেমাৰে দেখা দিয়ে। সেয়ে আমি নিজৰ বাহন বিলাক যতনেৰে ৰখাৰ লগতে সময়মতে সঠিক ঠাইত ছাৰ্ভিচিং কৰাই থকা দৰকাৰ।

যান-বাহনৰ গৰাকীসকলক এক উচ্চমানৰ সেৱা আগবঢ়োৱা তেনে এটা প্ৰতিষ্ঠান হৈছে অটোম’ভিল (Automovill)। অসমৰ কেইগৰাকীমান যুৱকে আৰম্ভ কৰা Automovill হৈছে উচ্চমানৰ অটোমোবাইল ছাৰ্ভিচ আগবঢ়োৱা ভাৰতৰ মুষ্টিমেয় কেইটামান কোম্পানিৰ অন্যতম।

উদ্যোগী যুৱক মৃদু মহেন্দ্ৰ দাস, চিন্ময় বৰুৱা আৰু ৰামানা সম্ভুয়ে আৰম্ভ কৰা Automovill বৰ্তমান সময়ত দেশৰ ভিতৰতে আগবঢ়া এক কাৰ ছাৰ্ভিচ আৰু মেইনটেনেন্স কোম্পানি হ’বলৈ গৈ আছে। তেওঁলোকৰ লক্ষ্য ২০২৫ চনৰ ভিতৰত ভাৰতৰ ৰাস্তাত চলা প্ৰতি ১০ খন গাড়ীৰ এখনৰ ছাৰ্ভিচিঙৰ সেৱা আগবঢ়োৱা।

বৰ্তমান সময়ত নৱপ্ৰজন্মৰ একাংশ উদ্যোগী যুৱক-যুৱতী ব্যৱসায় কৰিবলৈ আগবাঢ়ি অহা দেখা যদিও লাভজনক যেন লগা নিজৰ সপোনক বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত খুব কম সংখ্যকেহে সফল হ’ব পাৰিছে।

আন দহটা ষ্টাৰ্ট আপৰ দৰে Automovill –ৰ বাবেও এই যাত্ৰা মসৃণ নাছিল। প্ৰতিষ্ঠানটোৰ আৰম্ভণি সম্পৰ্কে অন্যতম স্বত্বাধিকাৰী মৃদু মহেন্দ্ৰ দাসে কয়, ‘বাহনৰ গৰাকীসকলে গাড়ীৰ ছাৰ্ভিচিঙৰ সময়ত সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ কথা ভাবিয়েই Automovill আৰম্ভ হৈছিল। Automovill –ৰ আৰম্ভণিৰ আমোদজনক কথাটো হ’ল যে সেই সময়ত বেংগালুৰুত ৰাস্তা নিৰ্মাণৰ কাম চলি আছিল আৰু তেতিয়া প্ৰায়ে আমাৰ গাড়ীৰ চকাত পাংচাৰ হৈছিল। তাৰ পৰাই গাড়ীৰ ছাৰ্ভিচিঙৰ থকা ভবা হয়।’

লগতে পঢ়ক : ক’ভিডে কিদৰে মগজুৰ ওপৰত প্ৰভাৱ পেলায়? কি কয় স্নায়ু বিজ্ঞানীয়ে?

‘বেছিভাগ ক্ষেত্ৰতে অথ’ৰাইজড ডিলাৰ বিলাকৰ ওচৰত গাড়ীৰ ছাৰ্ভিচিং কৰাবলৈ নিলে বহুত খৰচ পৰাৰ লগতে যথেষ্ট সময় যায়। কেতিয়াবা আকৌ একোটা উপযুক্ত ছাৰ্ভিচ নেটৱৰ্ক পোৱায়ে নাযায়। প্ৰাৰম্ভিক পৰিকল্পনাৰ পৰা আৰম্ভ কৰি গুৱাহাটী আৰু বেংগালুৰুত ৱৰ্কছপ বিলাকৰ নেটৱৰ্ক আৰম্ভ কৰিবলৈ আমাক এবছৰতকৈ অধিক কাল লাগিছিল,’ দায়ে কয়।

Automovill –এ তেওঁলোকৰ গ্ৰাহকসকলক ইঞ্চুৰেন্সৰ পৰা আৰম্ভ কৰি ছাৰ্ভিচলৈকে সকলো সেৱা আবঢ়াবলৈ চেষ্টা কৰে। উচ্চমানৰ কাৰ ছাৰভিচিং, ডেন্টিং, পেইনটিং আদি সকলো পেকেজ আগবঢ়োৱা Automovill –ৰ সেৱাৰ বাবে গ্ৰাহকে মোবাইল এপ, ৱেহছাইট আদিৰ জৰিয়তেও অনলাইন বুক কৰিব পাৰে।

ইয়াৰ উপৰি গাড়ীৰ ৱাৰেণ্টিৰ বাবেও Automovill –ৰ এক পৃথক ব্যৱস্থা আছে যাৰ জৰিয়তে কোনো ব্যক্তিয়ে নিজৰ বিক্ৰী কৰিবলগীয়া গাড়ীৰ ৱাৰেণ্টি আগবঢ়াব পাৰিব।

যিময়ত ক’ভিডৰ বাবে প্ৰায়বিলাক ব্যৱসায় এক কঠিন সময়ৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে তাৰ পৰিৱৰ্তে এই সময়ছোৱাত Automovill-ৰ ব্যৱসায় ২৫০ শতাংশ বৃদ্ধি পাইছিল। এই সমম্পৰ্কত মৃদু দাসে কয়, ‘যিকোনো এটা কোম্পানিৰ বাবে ক’ভিড এক বৃহৎ প্ৰত্যাহ্বান আছিল। এই বিপৰ্য্যৰ পৰা সফলতাৰে ওলাই আহিব পৰা মুষ্টিমেয় ষ্টাৰ্ট আপৰ ভিতৰত Automovill বোধহয় অন্যতম হ’ব।’

শেহতীয়াকৈ কোম্পানিটোৱে Mumbai Angels Network আৰু NEDFi Capital –ৰ পৰা ৫০০,০০ মাৰ্কিন ডলাৰ (প্ৰায় ৩,৭১,৪৪,৪৬৫ ভাৰতীয় টকা) গোটাবলৈ কৰিবলৈ সক্ষম হোৱাৰ লগতে ইয়াৰ পূৰ্বেও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা ১.২ মিলিয়ন ডলাৰ (৮,৯১,৭৮,৫৩০ ভাৰতীয় টকা) লাভ কৰিবলৈ সক্ষম হৈছিল।

আহিবলগীয়া বছৰকেইটাত Automovill-এ ভাৰতৰ প্ৰতিখন মহানগৰত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ ঘটাই অটোমোবাইল ছাৰ্ভিচত ভাৰতৰ এক অগ্ৰণী প্ৰতিষ্ঠান হিচাপে থিয় হ’ব খোজে বুলি উল্লেখ মৃদু দাসে কয়, ‘আমি উত্তৰ-পূবৰ যুৱ উদ্যোগীসকলক উৎসাহিত কৰিব বিচাৰো।’

ইংৰাজীত পঢ়ক : How an Assam-based automobile service company raised $500,000

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply