নিউজ ডেস্ক : অসম আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই বৃহস্পতিবাৰে এটি ৫ বছৰীয়া শিশুক অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনা অনুসৰি বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ধেমাজি জিলাৰ জোনাইত মাকৰ সৈতে ঘৰৰ কাষতে খেলি থকা অৱস্থাত কুমকুম পেগু নামৰ এটি ৫ বছৰীয়া কন্যা শিশুক কেইগৰাকীমান অচিনাক্ত দুৰ্বৃত্তই বাহনত উঠাই অপহৰণ কৰি নিছিল, ওচৰতে থকা মাকে বাহনখনৰ পিছে পিছে দৌৰি গৈছিল যদিও ইতিমধ্য অপহৰণকাৰীৰ দলটো তাৰ পৰা উধাও হয়।

শিশুটিৰ খুৰাক গুণকান্ত পেগুয়ে ইষ্টম’জ’ক জনোৱা মতে, ‘ঘটনাৰ পিছতে পৰিয়ালটোয়ে আৰক্ষীৰ থানাত এখন এজাহাৰ দাখিল কৰে আৰু কুমকুমক উদ্ধাৰৰ বাবে গোটেই নিশা অভিযান আৰম্ভ চলে।’

আনহাতে, সমান্তৰালভাৱে সামাজিক মাধ্যম সমূহতো কুমকুমৰ ফটো ভাইৰেল হৈ পৰে। অসম আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে গোটেই নিশা যুটীয়া অভিযান চলাই বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.৩০ বজাত অৰুণাচলৰ ইষ্ট ছিয়াং জিলাৰ পাছিঘাটৰ জংঘলৰ পৰা কুমকুমক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনা সম্পৰ্কত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই টুইট যোগে কয় যে অৰ্জুণ পেগু নামৰ এজন ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এজন যুৱকে ৫ বছৰীয়া কুমকুমক গ্ৰেপ্তাৰ কৰিছিল। শিশুটিক সুকলমে উদ্ধাৰ কৰাৰ বাবে সঞ্চালক প্ৰধান গৰাকীয়ে জোনাইৰ মহকুমা আৰক্ষী বিষয়া আৰু পাছিঘাটৰ আৰক্ষী অধীক্ষকক ধন্যবাদ জ্ঞাপন কৰে।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ টুইটত সঁহাৰী জনাই ইষ্ট ছিয়াং আৰক্ষীয়ে এক টুইট যোগে স্থানীয় ৰাইজক সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে সামাজিক মাধ্যমত কুমকুমৰ অপহৰণৰ ঘটনা ভাইৰেল হৈ পৰাত অপহৰণকাৰীয়ে ভয়তে শিশুটিক হাবিত এৰি থৈ গুচি যায়। আৰক্ষীয়ে শিশুটিক অকলে কান্দি থকা অৱস্থাত উদ্ধাৰ কৰে।

অপহৰণকাৰীয়ে ব্যৱহাৰ কৰা অ’ল্টো বাহনৰ আলম লৈ আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জোনাইৰ মহকুমা আৰক্ষী বিষয়া ভাৰ্গব মণি দাসে জানিবলৈ দিয়ে। স্থানীয় ৰাইজৰ মতে, অপহৰণৰ মূল অভিযুক্ত অৰ্জুণ পেগু শিশুটিৰ আত্মীয় লোক।

আৰক্ষীয়ে অ’ল্টো গাড়ীখন এখন নৈৰ ৰখাই ঠোৱা থোৱা অৱস্থাত উদ্ধাৰ কৰে। গাড়ীখনৰ ভিতৰক পৰা আৰক্ষীয়ে এটা বেগ উদ্ধাৰ কৰে য’ত অপহৰণকাৰী গৰাকীৰ পৰিচয় পত্ৰ সোমাই আছিল। ‘আমি নৈৰ পাৰত শিশুটিৰ ভৰিৰ চাপ দেখা পাঁও আৰু তাৰ ভিত্তিত শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়,’ বিষয়া গৰাকীয়ে কয়।

পৰিচয় পত্ৰখনৰ উপৰি আৰক্ষীয়ে অপহৰণকাৰীৰ গাড়ীখনৰ পৰা এটা নিচামুক্তি কেন্দ্ৰৰ কাগজপত্ৰ, মনোৰোগ চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন আৰু কিছু নিচাজাতীয় দ্ৰব্য উদ্ধাৰ কৰে বুলি আৰক্ষী বিষয়া গৰাকী জানিবলৈ দিয়ে। আৰক্ষীয়ে অভিযুক্ত অৰ্জুণ পেগুৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা সময়লৈকে তেওঁক আটক কৰিবলৈ সক্ষম হোৱা নাই।

লগতে পঢ়ক : কিদৰে অসমৰ এইটো অটোমোবাইল ছাৰ্ভিচিং কোম্পানিয়ে ৫০০,০০ মাৰ্কিন ডলাৰ গোটাব পাৰিলে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply