১. যেতিয়া আপুনি খাদ্য হজম কৰিব পাৰে তেতিয়াহে শৰীৰ স্বাস্থ্যৱান হয়। ইয়াৰ বাবে  আপুনি সহজে হজম কৰিব পৰা খাদ্য খাব লাগিব। আপুনি নিজৰ লগত প্ৰত্যেক দিনাই ৩লিটাৰ পানী ৰাখক। সদায় অধিক পানী খালেহে যিকোনো খাদ্য সহজে হজম হ’ব। ইয়াৰ প্ৰভাৱ শৰীৰত,  ছালত থাকিব। ছালখন জিলিকি উঠিব। শৰীৰে যিকোনো ৰোগৰ সৈতেও মোকাবিলা কৰিব পাৰিব।

২. অত্যাধিক মাছ-মাংসৱেও আমাৰ শৰীৰৰ হজম ক্ৰিয়াত প্ৰভাৱ পেলাই। গতিকে মাছ-মাংস সলনি সেউজীয়া শাক-পাচলি বেছিকৈ খাব লাগে। প্ৰত্যেক আহাৰৰ লগত শাক-পাচলি খাব লাগে। সেউজীয়া শাক-পাচলিত যথেষ্ট পৰিমাণে আঁহজাতীয় পদাৰ্থ (ফাইবাৰ) থাকে। ফাইবাৰৰ উপৰি শাক-পাচলি বিভিন্ন ভিটামিন আৰু এনজাইম থাকে,  যি খাদ্য ভালকৈ হজম হোৱাত সহায় কৰে। খাদ্যত ফাইবাৰৰ মাত্ৰা যিমানেই বেছি হ’ব, শৰীৰৰ চৰ্বিৰ মাত্ৰা সিমানেই কম হয়।

৩. সকলোৱে  খাদ্য ভালকৈ চোবাই খাব লাগে। আমি কোনো খাদ্য বস্তু যেতিয়া চোবাওঁ, তেতিয়া খাদ্যৰ টুকুৰাবোৰ খুব ক্ষুদ্ৰ অংশত পৰিণত হয়, যাতে শৰীৰে খাদ্যৰ পুষ্টিকৰ উপাদানবোৰ হজম কৰিব পাৰে। খাদ্য ভালকৈ চোবাই নাখালে, খাদ্যৰ ডাঙৰ অংশবোৰ পাচন যন্ত্ৰত ৰৈ যায় আৰু তাত থকা অপকাৰী বীজাণুবোৰক ইন্ধন যোগায় আৰু ৰোগৰ সৃষ্টি কৰে।

৪. আহাৰ গ্ৰহণ কৰাৰ সময়ত বেছিকৈ পানী নাখাব নালাগে। আহাৰ গ্ৰহণৰ সময়ত খুব কম পৰিমাণৰ পানী মাজে মাজে খাব। আহাৰ গ্ৰহণৰ সময়ত বা তাৰ ঠিক পিছতেই বেছি পৰিমাণৰ পানী খাব নালাগে কিয়নো পানীয়ে পাচন ৰসসমূহ তৰল কৰি পেলায় যাৰ বাবে হজমত ব্যাঘাত জন্মে।

৫. আহাৰ গ্ৰহণৰ পিছতেই কফী খাব নালাগে। খাদ্য গ্ৰহণৰ সময়ত বা ঠিক তাৰ পিছতে কফী খালে হজমত ব্যাঘাত জন্মে। কফীৰ পৰা কিছুসংখ্যক লোকৰ বুকু জ্বলা (হাৰ্টবাৰ্ন) হ’ব পাৰে। কফীৰ সলনি গ্ৰীন টী খাব পাৰে।

৬. আহাৰ গ্ৰহণৰ ঠিক পিছতেই ফল নাখাব নালাগে। বেছি পৰিমাণৰ ফল খালে পেট ওফন্দি যোৱা, গেছ, পেটৰ বিষ আদি হ’ব পাৰে আৰু খাদ্য ভালকৈ হজম নহ’ব।

৭. আহাৰ গ্ৰহণ কৰা পিছত লাহে লাহে খোজ কাঢ়িব লাগে। যদিও আহাৰ গ্ৰহণৰ পিছত কষ্টসাধ্য ব্যায়াম কৰিলে হজমত ব্যাঘাত জন্মে,  লাহে লাহে ১০ ৰ পৰা ১৫ মিনিট খোজকাঢ়িলে খাদ্য ভালকৈ হজম হোৱাত সহায় কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply