ক’ভিড মহামাৰীৰ দ্বিতীয় ধৌৱে ভাৰতত পৰ্য্যাপ্ত চিকিৎসালয় আৰু জৰুৰী সেৱাৰ আৱশ্যকতাৰ দিশটোক পুনৰ এবাৰ দাঙি ধৰিছে। ইয়াৰ লগত সাঙোৰ খাই থকা আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে সকলোৰে বাবে গুণগত স্বাস্থ্যসেৱাৰ সুবিধা, বিশেষকৈ আন্তঃগাঁথনিৰ অভাৱ থকা গাঁও অঞ্চলসমূহত। ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলোৱে ভেকচিন পোৱাটো সমানেই জৰুৰী, কিন্তু চিকিৎসালয় সমূহলৈ যোগান ধৰা ২৫ শতাংশ ভেকচিন ষ্টোৰে’জ (মজুত কৰি ৰখা) আৰু পৰিবহণৰ সময়ত হোৱা অপচয়ৰ ফলত টীকাকৰণ অভিযান যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছে।

এই অপচয়ৰ এক অন্যতম কাৰণ হৈছে সঠিক ৰূপত শীতলীকৰণৰ অভাৱ আৰু তাপমানৰ উঠা-নমা। ক’ল্ড ষ্টোৰে’জ (শীতল গৃহ) সমূহত যেতিয়া এক সুস্থিৰ বিদ্যুৎ সংযোগ নাথাকে তেতিয়া এনে হয়। সুস্থিৰ বিদ্যুৎ যোগানৰ অভাৱত ক্ৰিটিকেল কেয়াৰ ইউনিট, আইচ লাইনড ৰেফ্ৰিজেৰেটৰ (আই এল আৰ) আৰু নৱজাতকৰ আই চি ইউ সমূহ ভালদৰে কাৰ্য্যক্ষম হৈ নাথাকে, ফলত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যু হাৰ অধিক বৃদ্ধি পায়।

ৰাজহুৱা স্বাস্থ্যখণ্ডৰ ক্ৰমবৰ্ধমান হেঁচাৰ প্ৰতি লক্ষ্য ৰাখি এইক্ষেত্ৰত দুখীয়া লোকক উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্য আগত ৰাখি আগবাঢ়ি অহা এখন বেচৰকাৰী চিকিৎসালয় হৈছে কাচাৰ জিলাৰ Burrows Memorial Christian Hospital (BMCH)। ২০১৯-২০ বৰ্ষত চিকিৎসালয়খনে ৬০০টা প্ৰসৱকাৰ্য্য সম্পাদন কৰাৰ লগতে সুকলমে সমান সংখ্যক ছাৰ্জাৰি কৰিছে। এই সময়ছোৱাত চিকিৎসালয়খনে ৩০০০ গৰাকী ইনপেশ্যেণ্ট আৰু ২১,০০০ গৰাকীতকৈ অধিক বহিৰ্বিভাগৰ ৰোগীৰ চিকিৎসা কৰিছে।

কিন্তু ২০২০ চনলৈকে চিকিৎসালয়খনে অস্ত্ৰোপ্ৰচাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল, ইয়াৰ মূল কাৰণ আছিল অস্থিৰ বিদ্যুৎ যোগান। বিদ্যতৰ অভাৱত বহু সময়ত চিকিৎসকসকলে তেওঁলোকৰ মোবাইলৰ লাইটৰ পোহৰত অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ বাধ্য হৈছিল। আনকি জেনেৰেটৰ চলাবলৈয়ো এই ভিতৰুৱা অঞ্চলসমূহত প্ৰায়ে ডিজেলৰ অভাৱ হৈছিল।

লগতে পঢ়ক : অভিনেতা চনু চুডৰ মহানুভৱতা; শ্বুটাৰ কনিকাক উপহাৰ দিলে জাৰ্মান ৰাইফল

সফলতাৰ আঁৰৰ কাহিনী

বিদ্যুতৰ এই সমস্যা দূৰ কৰাৰ উদ্দেশ্যৰে WRI India-য়ে BMCH-ক সহযোগিতা আগবঢ়াই আৰু সৌৰ শক্তি প্ৰযুক্তি প্ৰতিষ্ঠানৰ সহায়ত চিকিৎসালয়খনত এটা বিকেন্দ্ৰিত সৌৰ শক্তি (Decentralised Solar Energy, DRE) ফেচিলিটি স্থাপন কৰাৰ ব্যৱস্থা কৰে। ডি আৰ ইৰ জৰিয়তে ইলেক্ট্ৰিক গ্ৰীডৰ সৈতে সংযোগ নথকা ফেচিলিটিসমূহে স্থলীতে শক্তি উৎপাদন আৰু ব্যৱহাৰ কৰিব পাৰে। গ্ৰীড আন্তঃগাঁথনি নথকা অসমৰ ভিতৰুৱা গাঁওসমূহত ডি আৰ ইয়ে ৰক্ষা-কৱচৰ কাম কৰিছে।

ক’ভিডৰ বাবে চলি থকা লকডাউনৰ ফলত ডি আৰ ই স্থাপন কৰাত কিছু পলম হৈছিল যদিও ২০২০ চনৰ অক্টোবৰত ই সম্পূৰ্ণ হৈ উঠে। আৰু তেতিয়াৰ পৰাই ইমাৰ্জেঞ্চি, লেবৰটৰি, আল্ট্ৰাছাউণ্ড আদি জৰুৰী সেৱাসমূহৰ লগতে ইনপেশ্যেণ্ট ইউনিটসমূহত বিদ্যুতৰ সমস্যা আঁতৰ হ’ল।

প্ৰতিকূল বতৰতো সমানেই কাৰ্য্যক্ষম

এই প্ৰযুক্তিয়ে প্ৰতিকূল বতৰতো কোনোধৰণৰ সমস্যা নোহোৱাকৈ কাম কৰিব পাৰে। ২০২১ চনৰ মে’ত গাজনি-ঢেৰেকনিৰে প্ৰচণ্ড ধুমুহা-বৰষুণ আহোতে চিকিৎসালয়খনত স্থাপন কৰা ছোলাৰ পিভি ইনস্টলেশ্যনটোৰ কোনো ক্ষতি হোৱা নাছিল।

ক’ভিড ৰেডী

ক’ভিডৰ দ্বিতীয়টো ধৌত অসমৰ আন অঞ্চলৰ তুলনাত কাচাৰত পজিটিভ লোকৰ সংখ্যা যথেষ্ট বেছি আছিল। চৰকাৰী তথ্য অনুসৰি ২২ মে’ৰ পৰা ৩১ মে’লৈকে জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা অসমৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ আছিল। BMCH থকা বাঞ্চকাণ্ডি ব্লকত দৈনিক গড়ে ২০টাকৈ পজিটিভ কেচ ধৰা পৰিছিল। কিন্তু এতিয়া আগৰ দৰে উক্ত ক’ভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে হস্পিতালখনত বিদ্যুতৰ কোনো ধৰণৰ সমস্যা নাথাকে।

বিদ্যুতৰ উপলব্ধতা আৰু স্বাস্থ্যসেৱাৰ সংযোগ

BMCH-ৰ সৈতে WRI-ৰ অংশীদাৰিত্বই প্ৰমাণ কৰে কিদৰে স্বচ্ছ শক্তিৰ উপলব্ধতা আৰু স্বাস্থ্যসেৱা এটা আনটোৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। বিদ্যুৎ যোগানৰ কম খৰচি তথা কাৰ্য্যকৰী প্ৰযুক্তিয়ে যে জীৱন বচাব পাৰে ই তাৰ এক উদাহৰণ। বিদ্যুতৰ সমস্যা আঁতৰ হোৱাৰ ফলত এতিয়া BMCH-এ এতিয়া অধিক চিকিৎসক নিয়োগ কৰি আৰু ভালদৰে চিকিৎসা সেৱা প্ৰদান কৰিবলৈ সক্ষম হৈছে।

ইংৰাজীত পঢ়ক : How cheap, reliable solar energy saved lives in a remote region of Assam

মূল লেখক – মচফিক হাজৰিকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,113 other subscribers

Leave a comment

Leave a Reply