ধুবুৰী: অসমত বানপানীৰ সময়ত সাধাৰণতে বাতৰিৰ শিৰোনামত থকা এখন জিলা হৈছে ধুবুৰী জিলা। প্ৰতি বছৰে বানে ধুবুৰীত বিস্তৰ ক্ষতি কৰি আহিছে। কিন্তু, অতি লক্ষণীয়ভাৱে এইবাৰ অন্ততঃ এতিয়ালৈকে বান প্ৰভাৱিত এই জিলাখনক বানপানীয়ে বৰ বিশেষ ক্ষতি কৰা নাই।
তাতোতকৈ মন কৰিব লগীয়া যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে জিলাখনত এইবাৰ অতিৰিক্ত ৫৬% বৰষুণ পৰিছে, ইয়াৰ বিপৰীতে সামগ্ৰিকভাৱে অসমত পৰা অতিৰিক্ত বৰষুণৰ পৰিমাণ হৈছে ৫৩%।
শেহতীয়াভাৱে ৰাজ্যৰ বান পৰিস্থিতি লাহে লাহে উন্নত হ’বলৈ আৰম্ভ কৰিছে। তথাপি এতিয়াও বহুকেইখন জিলাৰ অৱস্থা যথেষ্ট বেয়া। কিন্তু ইয়াৰ মাজতে, স্বাভাৱিক পৰিমাণতকৈ অধিক মাত্ৰাত বৰষুণ অহাৰ পিছতো ধুবুৰী এইবাৰ বানৰ বিভীষিকাৰ পৰা ৰক্ষা পৰিছে বুলি ক’ব পাৰি।
পিছে কেনেকৈ?
বিশেষজ্ঞসকলৰ মতে বাৰিষাতকৈ ৬০ মেগাৱট ক্ষমতাৰ কুৰিশ্বু বান্ধৰ পৰা এৰি দিয়া পানী হৈছে ধুবুৰীত বানপানী সৃষ্টিৰ এক প্ৰধান কাৰণ।
পূব ভূটানত অৱস্থিত ৫৫ মিটাৰ উচ্চতাৰ কুৰিশ্বু বান্ধে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত প্ৰায়ে নামনি অসমৰ বেকি নৈ জলপৃষ্ঠ বৃদ্ধি হৈ বানপানীৰ সৃষ্টি হয়।
এই সম্পৰ্কে জলসম্পদ বিভাগৰ বিষয়া মোফাজা সৰকাৰে ইষ্টম’জ’ৰ আগত কয়, ‘’হয়, এই বছৰো কৰিশ্বু বান্ধৰ পৰা পানী এৰি দিয়া হৈছিল যদিও আমাৰ মথাউৰিবিলাক ইয়াৰ দ্বাৰা বিশেষভাৱে ক্ষতি হোৱা নাই। কিন্তু, তাৰ মানে এনে নহয় যে আমাৰ ইয়াত কোনোধৰণৰ হানি-বিঘিনি ঘটা নাই। চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং জামুদাৰ গাঁৱত যোৱা ১৬ জুনত বাঢ়নি পানীয়ে আমাৰ গাউৰাং নদীৰ এটা মথাউৰিৰ ক্ষতি কৰিছিল।‘’
‘’১৬ জুনৰ পৰা ২২ জুনলৈকে জিলাখনত পানী বিপদসীমাৰ ওপৰেৰে বৈ আছিল,’’ তেওঁ লগতে কয়।
আন কেইগৰাকীমান বিষয়াই জনোৱা মতে বাকী জিলা জিলাসমূহৰ তুলনাত ধুবুৰীত মথাউৰিসমূহৰ বৰ বেছি ক্ষতি হোৱা নাই, যাৰ ফলত জিলাখন লোকচানৰ ভালেখিনি ৰক্ষা পৰে।
অৱশ্য ইয়াৰ মাজতো জিলাখনত পাঁচজন লোকে বানপানীৰ ফলত মৃত্যুক সাবটিব লগীয়া হয়।
ক্ষতিগ্ৰস্ত লোকৰ মাজত বান সাহায্য প্ৰদান কৰাকে ধৰি বানাক্ৰান্ত ঠাইসমূহত সক্ৰিয়ভাৱে কাম কৰা বিভিন্ন বেচৰকাৰী সংগঠনৰ স্থানীয় লোকে শলাগ লয়। বানপীড়িত ৰাইজৰ মাজত সক্ৰিয়ভাৱে কাম কৰা MUKTi নামৰ এনে এটা বেচৰকাৰী সংগঠন সভাপতি অনুপম ৰয়ে ইষ্টম’জ’ক এইদৰে কৈছিল: “আমি প্ৰভাৱিত অঞ্চলবোৰত পানীৰ বটল, চাউল, দাইল, নিমখ, চেনী, চাহ-পাত, বিস্কুট আৰু পোছাক আদি বিভিন্ন সাহায্য সামগ্ৰী প্ৰদান কৰি যিমানদূৰ সম্ভৱ সহায় কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিলো।”
আনহাতে স্থানীয় লোকসকলে কয় যে এইবাৰ তেওঁলোক কিবাকৈ ৰক্ষা পৰাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে পৰিস্থিতি সলনি হ’ব বুলি ভবা নাছিল। জন্মৰ পৰাই চৰত বাস কৰি অহা আনৰ ঘৰত এগৰাকী বনকৰা মহিলা হিচাপে কাম কৰা মঞ্জুলা বিবিয়ে কয়, “কেৱল এপ্ৰিল মাহতহে আমি চহৰলৈ যাওঁতে নদীৰ পানী পাৰ হ’ব লগীয়া নহয়। এইবাৰ আমি ভাগ্যৱান যে পানী আমাৰ ঘৰত সোমোৱা নাই। কিন্তু আমি এতিয়াও চৰকাৰী বিষয়াসকলে আমাৰ অঞ্চলটোত এখন লোহাৰ দলং স্থাপন কৰা হ’ব বুলি যি প্ৰতিশ্ৰুতি দিছিল সেয়া যাতে পূৰণ কৰে তাৰ বাবে অপেক্ষা কৰি আছোঁ।”
লগতে পঢ়ক – অসমত পাম তেলৰ খেতিৰ বাবে পতঞ্জলীৰ সৈতে ৰাজ্য চৰকাৰৰ চুক্তি