গুৱাহাটী- বৰ্তমান আম সকলোতে উপলব্ধ। আম সকলোৱে কেঁচাই খায়ো ভাল পায়, পকা আমটো সকলোৰে প্ৰিয়ই আনহাতে আমৰ আচাৰো সকলোৰে প্ৰিয়। আমৰ আচাৰ বহু দিনলৈ ভাল হৈ থকাকৈ কেনেকৈ ৰাখিব জানো আহক-
উপকৰণঃ
কাটি লোৱা আম: ১ কেজি।
নিমখ: আন্দাজমতে
মেথি গুটি: ২০ গ্ৰাম।
কালজিৰা: ৩০ গ্ৰাম।
জালুকগুৰি: ২৫ গ্ৰাম।
জলকীয়া গুৰি: ৩০ গ্ৰাম।
মিঠাতেল: আমখিনি ঢাক খুৱাকৈ
চফগুৰি: ২৫ গ্ৰাম।
ভিনেগাৰ: ২ চাহ চামুচ ।
সৰিয়হ গুৰি: ২০ গ্ৰাম।
জিৰা: ২০ গ্ৰাম
ধনীয়া: ২০ গ্ৰাম
প্ৰস্তুত প্ৰণালীঃ
কেঁচা আম ১ কেজি প্ৰথমে পৰিষ্কাৰকৈ পানীত ধুই দীঘল দীঘল কৈ কাটি লওক। কটা আমখিনি অলপমান নিমখ দি ডুবাই ৰাখক, যেতিয়ালৈ কটা আমখিনি ক’লা পৰি নাযায়।
তাৰ পাছত, প্ৰথমে নিমখত তিয়াই থোৱা আমখিনিত এটা বহল মুখৰ বটলত ভৰাই ৪-৫ দিন মান ৰ’দত দিয়ক। যেতিয়া আমৰ সেউজীয়া বাকলিবিলাক অলপ পাতল হালধীয়া ৰং ধৰিব, আটাইবোৰ মছলা একেলগে অলপমান ভাজি গুৰি কৰি লব। এতিয়া এখন কেৰাহীত তেল গৰম কৰি আমৰ সৈতে তেল আৰু মছলাখিনি সানি লৈ পুনৰ পৰিষ্কাৰ শুকান বটলত হেচি ভৰাব লাগে। যাতে বটলৰ মাজত বেছি বতাহ থাকিব নোৱাৰে। তাত এতিয়া ভিনেগাৰ অলপ দি দিব। মাজে মাজে আচাৰখিনি চাই থাকিব আৰু প্ৰয়োজন হ’লে মিঠাতেল আৰু অলপ ঢালি দিব। আমখিনি কোমল হ’লে খোৱাৰ উপযোগী হৈ পৰিব।