নিউজ ডেস্ক : ক’ভিড ১৯-ৰ দ্বিতীয়টো ধৌ ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে যদিও ভাইৰাছবিধক এক বিশেষ লক্ষণে সম্প্ৰতি চিকিৎসা বিজ্ঞানীসকলক চিন্তিত কৰি তুলিছে। এক বুজন সংখ্যক ক’ভিড ৰোগীৰ ক্ষেত্ৰত বিজ্ঞানীসকলে দীঘলীয়া সময়ৰ বাবে ক’ভিডৰ লক্ষণত ভুগি থকা দেখিবলৈ পাইছে।   

বিজ্ঞানীসকলে কৰা এক অধ্যয়নত ৫-২৫ শতাংশ ক’ভিড পজিটিভ ৰোগীৰ ক্ষেত্ৰত কমেও তিনিৰ পৰা চাৰি মাহলৈকে ক’ভিডৰ লক্ষণ থকা দেখা গৈছে।

কিছুমান দীঘলীয়া ক’ভিড লক্ষণ সোনকালে আৰম্ভ হৈ বহুদিনৰ বাবে গাত থকাৰ বিপৰীতে আন কিছুমান প্ৰথমবাৰ আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতে দেখা দিয়ে।  

দীঘলীয়া ক’ভিডৰ কেইটিমান লক্ষণ হৈছে অত্যন্ত ভাগৰ লগা আৰু শ্বাহ-প্ৰশ্বাসত কষ্ট অনুভৱ কৰা। কিন্তু যিটো কথাই বিজ্ঞানীসকলক বিশেষকৈ স্নায়ু বিজ্ঞানীসকলক চিন্তিত কৰিছে সেয়া হ’ল ক’ভিডে ৰোগী গৰাকীৰ মগজুত প্ৰভাৱ পেলায়।

স্নায়ু বিজ্ঞানীসকলৰ মতে দীঘলীয়া ক’ভিডত আক্ৰান্ত বহু ৰোগীয়ে কোনো কথাত মনোযোগ দিয়া আৰু পৰিকল্পনা আদি কৰাত অসুবিধাৰ সন্মুখীন হয়। এই সমস্যাক ব্ৰেইন ফগ হিচাপে জনা যায়।

কেনেকৈ কোৰোনা ভাইৰাছে আমাৰ মগজুলৈকে গৈ পায়?

ইনফ্লুয়েনজা (influenza) আদিৰ দৰে শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ভাইৰাছৰ ফলত আমাৰ মগজুৰ বিভিন্ন ৰোগৰ হোৱাৰ প্ৰমাণ আছে। ১৯১৮ চনত হোৱা স্পেনিছ ফ্লু মহামাৰীৰ সময়ত ৰোগীসকল ডিমেনছিয়া (চিন্তাশক্তি হ্ৰাস পোৱা), বোধশক্তি হ্ৰাস পোৱা (cognitive decline) আদি সমস্যাত পৰাৰ প্ৰমাণ আছে।

২০০২ চনত হোৱা SARS আৰু MERS –ৰ প্ৰাদুৰ্ভাবৰ সময়তো আক্ৰান্ত হোৱা প্ৰায় ১৫-ৰ পৰা ২০ শতাংশ ৰোগী সুস্থ হৈ উঠাৰ পিছত ডিপ্ৰেছন, মানসিক অস্থিৰতা (anxiety), স্মৃতিশক্তিৰ খেলিমেলি তথা অৱসাদজনিত সমস্যাত ভুগিছিল।

অৱশ্যে এই পৰ্য্যন্ত বিজ্ঞানীসকলে SARS-CoV-2 ভাইৰাছে (যাৰ ফলত ক’ভিড হয়) আমাৰ মগজুক বিপজ্জনক ৰক্তপ্ৰবাহিত (blood-borne) অণুৰ পৰা ৰক্ষা কৰা ব্লাড ব্ৰেইন বেৰিয়াৰ (blood brain barrier) –ৰ ভিতৰত প্ৰৱেশ কৰাৰ নিশ্চিত প্ৰমাণ লাভ কৰা নাই।

কিন্তু আমাৰ নাকক মগজুৰ সৈতে সংযোগ কৰা স্নায়ুৰ জৰিয়তে এই ভাইৰাছ আমাৰ মগজুত যে প্ৰৱেশ কৰিব পাৰে তাক নুই কৰিব নোৱাৰি, এই সন্দৰ্ভত বিজ্ঞানীসকলৰ সৈতে কেতবোৰ তথ্য আছে।

লগতে পঢ়ক : ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, যোৱা তিনি মাহত ১৭ জনে হেৰোৱালে প্ৰাণ

কিদৰে ক’ভিড ১৯-এ আমাৰ মগজুক ক্ষতি কৰিব পাৰে?

নাকৰ এই সংবেদীয় স্নায়ু (nasal sensory cells) বিলাক লিম্বিক ছিষ্টেম (limbic system) নামৰ মস্তিষ্কৰ এক অংশত গৈ লগ লাগে। এই অংশখিনি আমাৰ আৱেগ-অনুভূতি তথা জ্ঞান আহৰণ আৰু স্মৃতিশক্তি সৈতে সংপৃক্ত।

যোৱা জুন মাহত প্ৰকাশ পোৱা এক আন্তঃৰাষ্ট্ৰীয় অধ্যয়নত গৱেষকসকলে একাংশ লোকৰ ক’ভিডত আক্ৰান্ত হোৱাৰ আগত আৰু পিছত গ্ৰহণ কৰা মস্তিষ্কৰ ছবি তুলনা কৰিছিল। উক্ত অধ্যয়নত আক্ৰান্ত নোহোৱা লোকৰ তুলনাত আক্ৰান্ত হোৱা লোকৰ limbic system –ৰ আকাৰ হ্ৰাস পোৱা লক্ষ্য কৰিছে।

ক’ভিডে আমাৰ মস্তিষ্কক পৰোক্ষভাৱেও প্ৰভাৱ পেলাব পাৰে। এই ভাইৰাছে ৰক্তবাহী নলীৰ ক্ষতি কৰি মগজুলৈ ৰক্তপ্ৰবাহ, অক্সিজেন বা আন পুষ্টিদ্ৰব্য সঞ্চলনৰ বাট বন্ধ কৰি দিয়ে। ইয়াৰ উপৰি ক’ভিডে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰণালীত ব্যাঘাত জন্মাই কিছু লোকৰ ক্ষেত্ৰত বিষাক্ত অণু সৃষ্টি কৰাত ইন্ধন যোগায়, যাৰ ফলত মস্তিষ্কৰ ওপৰত প্ৰভাৱ পৰে।

দিঘলীয়া ক’ভিড-১৯ সম্পৰ্কে এতিয়াও বিজ্ঞানীসকলৰ মাজত যথেষ্ট প্ৰশ্ন আছে আৰু এই বিষয়ত অধ্যয়ন চলাই থকা হৈছে।

ইংৰাজীত পঢ়ক : How does COVID-19 affect the brain? Two neuroscientists explain

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply