নিউজ ডেস্কঃ যেতিয়া এজন চিকিৎসকে আপোনাক জৰুৰীকালীন চিকিৎসা অৱস্থাৰ বিষয়ে কয় তেতিয়া আপুনি কি কৰে? তেতিয়া আপোনাৰ মনলৈ প্ৰথমে এইটোৱে আহিব যে আপুনি আপোনাৰ জীৱনশৈলীত তৎক্ষণাত পৰিৱৰ্তন কৰিব লাগিব, নহ’লে আপুনি কিমান বছৰলৈ চিকিৎসকৰ তত্ত্বাৱধানত থাকিব লাগিব হিচাব নাই।
আঠ বছৰ পূৰ্বে, পেছাত ৰেডিঅ’লজিষ্ট ডাঃ শান্তনু দত্ত এজন মেদবহুল ব্যক্তি আছিল যি diabetes আৰু dyslipidemia ৰোগত ভুগি আছিল। তেওঁৰ হাতত মাত্ৰ দুটাই বিকল্প আছিল, এটা আছিল গোটেই জীৱন ঔষধ গ্ৰহণ কৰা বা নিজকে পৰিৱৰ্তন কৰা।
সেই শান্তনু দত্তই দক্ষিণ আফ্ৰিকাত ৯০ কিলোমিটাৰ দূৰত্বৰ কমৰেড মাৰাথনত অংশগ্ৰহণ কৰিছিল।
কমৰেডমাৰাথন হৈছে দক্ষিণ আফ্ৰিকাৰ KwaZulu-Natal প্ৰদেশত Durban আৰু Pietermaritzburg চহৰৰ মাজত বছৰি অনুষ্ঠিত এক আল্ট্ৰামাৰাথন দৌৰ। এইটো পৃথিৱীৰ আটাইতকৈ বৃহৎ আৰু পুৰণি আল্ট্ৰামাৰাথন দৌৰ।
এই সন্দৰ্ভত ইষ্টম’জ’ৰ সৈতে হোৱা এক বাৰ্তালাপত ৪৭ বছৰীয়া দত্তই কয় যে, খোজ কাঢ়িবলৈ শিকাৰ আগতে কোনোৱেও দৌৰিবলৈ শিকিব নোৱাৰে আৰু আঠু ল’বলৈ কৰিবলৈ শিকাৰ আগতে কোনোৱে খোজ কাঢ়িবলৈ শিকিব নোৱাৰে। মইও আৰম্ভণিতে ৫ কিলোমিটাৰৰে আৰম্ভ কৰিছিলো তাৰ পিছত লাহে লাহে ১০ কিলোমিটাৰলৈ আগবাঢ়িছিলো। লাহে লাহে, সময়ৰ লগে লগে, মই ২১ কিলোমিটাৰ (হাফ মাৰাথন) লৈ বৃদ্ধি কৰিলোঁ, তাৰ পিছত ৫০ কিলোমিটাৰ, তাৰ পিছত ১০০ কিমি ইত্যাদি, কেৱল প্ৰতিবাৰেই নিজকে প্ৰত্যাহ্বান জনোৱাৰ বাবে।
আগষ্টমাহত তেওঁ দক্ষিণ আফ্ৰিকাৰ Comrades Marathon সম্পূৰ্ণ কৰে। লগতে তেওঁ ইষ্টম’জ’ক কয়, “মই মালয়েছিয়া আৰু অষ্ট্ৰেলিয়াত ২টা Ironman triathlons, দক্ষিণ আফ্ৰিকাত Comrades (৯০ কিমি), বিশ্বজুৰি একাধিক মাৰাথন, ভাৰতত ২৫ টাতকৈও অধিক ultramarathon আৰু full marathons সম্পূৰ্ণ কৰিছো, যাৰ ভিতৰত আছে গুৱাহাটীৰ পৰা তেজপুৰলৈ ১৭২ কিলোমিটাৰ দৌৰ, ১০০ তকৈও অধিক হাফ মাৰাথন।”
কিন্তু প্ৰস্তুতি অবিহনে এইয়া সম্পূৰ্ণ কৰাটো কাৰো কাৰণে সম্ভৱ নহয়। ডাঃ শান্তনু দত্তই মাৰাথন আৰু আল্ট্ৰামাৰাথনৰ পাৰ্থক্য বৰ্ণনা কৰি কেনেদৰে দুয়োটা খেলত অংশগ্ৰহণৰ বাবে পৃথক পৃথক অনুশীলন কৰিব লাগে সেই সন্দৰ্ভত কয়, “আল্ট্ৰামাৰাথনত গতি হ্ৰাস হয় আৰু সহনশীলতাৰ ওপৰত গুৰুত্ব দিয়া হয়। লেহেমীয়া গতিত বহুত দূৰত্ব অতিক্ৰম কৰিব লাগে”।
অৱশ্যে, অনুশীলনৰ ক্ষেত্ৰত বহুতো সাদৃশ্য আছে। “শক্তি প্ৰশিক্ষণ আৰু পুষ্টি প্ৰায় একে। ভাল পুষ্টি আৰু সন্তুলিত আহাৰৰ দৰকাৰ। আল্ট্ৰামাৰাথনৰ বাবে যথেষ্ট শক্তি প্ৰশিক্ষণ আৰু প্ৰসাৰৰ প্ৰয়োজন, বিশেষকৈ প্ৰ’টিন খাদ্য গ্ৰহণ কৰাটো খুবেই জৰুৰী “।
লগতে দত্তই কয় যে ” পৰ্যাপ্ত বিশ্ৰাম, সঠিক আহাৰ আৰু মালিচে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চাইকেল চলোৱা আৰু সাঁতোৰৰ সৈতে ক্ৰছ-প্ৰশিক্ষণেও সহায় কৰে। সঠিক টোপনি আন এটা গুৰুত্বপূৰ্ণ দিশ”।
যদিও দত্তৰ কৃতিত্ব সঁচাকৈয়ে আশ্চৰ্যজনক, তেওঁৰ কৃতিত্বৰ আঁৰত থকা লোকসকলৰ কথা উল্লেখ কৰি কয় যে এইক্ষেত্ৰত মোৰ পত্নীৰ অৱদানো যথেষ্ঠ । তেওঁ মোক আন্তৰিকতাৰে সমৰ্থন কৰে। লগতে অৱদান আছে মোৰ বন্ধুসকল আৰু মোৰ দৌৰৰ দলটোৰ সদস্যসকলৰো।
উল্লেখ্য যে, এনেকুৱা ধৰণৰ দৌৰ কেৱল বিদেশতহে যে সীমাবদ্ধ হৈ আছে এনে নহয় এতিয়া ভাৰততো আল্ট্ৰামাৰাথন অনুষ্ঠিত কৰা হৈছে। দত্তই কয়, “ভাৰততো আল্ট্ৰামাৰাথন দৌৰ অনুষ্ঠিত কৰি আহিছে Tata ultramarathon at Lonavala, Ooty ultramarathon আদি সংস্থাই।”