নিউজ ডেস্কঃ বিগত কেইবাদিন ধৰি সংবাদমাধ্যমৰ শিৰোনাম দখল কৰা এটা নাম হৈছে অৰ্পিতা মুখাৰ্জী। অৰ্পিতা মুখাৰ্জী হৈছে বিদ্যালয় সেৱা আয়োগ আৰু প্ৰাথমিক শিক্ষা ব’ৰ্ডত নিযুক্তি কেলেংকাৰীৰ গোচৰৰ এগৰাকী অন্যতম ‘নায়িকা’। এছএছচি নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত চলোৱা অভিযানত ইডিয়ে শুকুৰবাৰে টি এম চিৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা নগদ ২০ কোটি টকা জব্দ কৰিছিল।
বংগৰ অভিনেত্ৰী অৰ্পিতাই অভিনয়ৰ জীৱনত বিশেষ সফল হ’ব পৰা নাছিল। কিন্তু তেওঁৰ ইচ্ছা আছিল এগৰাকী সফল অভিনেত্ৰী হোৱাৰ। তেওঁ টলীউডৰ কেইবাখনো চিনেমাত অভিনয় কৰিছিল কিন্তু তেওঁ নায়কৰ ভগ্নী অথবা মূল নায়িকাৰ চৰিত্ৰতে সন্তুষ্ট থাকিব লাগিছিল। লাহে লাহে তেওঁৰ নায়িকা হোৱাৰ সপোন আধৰুৱা হ’বলৈ ধৰিলে। কিন্তু ২০১১ চনত অৰ্পিতাৰ লগ পালে জনপ্ৰিয় প্ৰযোজক গৌতম সাহাক। সেই সময়ত গৌতম সাহাই তেওঁৰ এখন চিনেমাৰ বাবে নবাগত অভিনেতা-অভিনেত্ৰীৰ সন্ধানত আছিল। গৌতম সাহাৰ প্ৰডাকচনৰ ‘হৃদয়ত লিখো ‘নামৰ চিনেমাখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে নায়িকাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল অৰ্পিতাই।
পিছে অৰ্পিতাই নায়িকাৰ চৰিত্ৰৰ বাবে কিমান মাননি লৈছিল? প্ৰযোজকে জনোৱা অনুসৰি এই চিনেমাখনত অভিনয় কৰাৰ বাবদ অৰ্পিতাই বেছি পাৰিশ্ৰমিক লোৱা নাছিল। পাৰিশ্ৰমিক হিচাপে লৈছিল মাত্ৰ ৫লাখ টকা। সেই সময়ত তেওঁৰ একমাত্ৰ ইচ্ছা আছিল এগৰাকী নায়িকা হোৱাৰ।
এই চিনেমাখন মুক্তিলাভ কৰিছিল ২০১২ চনত। এই চিনেমাখনেই আছিল টলিউডত অৰ্পিতাৰ শেষ চিনেমা চিনেমা। অৰ্পিতাই বঙালীৰ বাহিৰেও ওড়িয়া ভাষাতো কেইবাখনো চিনেমাত অভিনয় কৰিছিল।