শিল্পী পল্লৱ বৰুৱা

যিকোনো শিল্পৰ দুটা প্ৰধান দিশ হৈছে স্বকীয় পৰিচয় আৰু প্ৰকাশভংগী। নিজকে সততাৰে আৰু সৃষ্টিশীলভাৱে তুলি খৰিব পৰাটোৱে একোজন মহৎ শিল্পীক অন্য হাজাৰজনৰ পৰা এক পৃথক পৰিচয় প্ৰদান কৰে। অসমৰ এগৰাকী তৰুণ শিল্পী পল্লৱ বৰুৱাৰ সৃষ্টিকৰ্মত চকুত পৰা প্ৰথম গুণটোৱে হৈছে তেওঁৰ স্বকীয় প্ৰকাশভংগী।

ৰং-তুলিকাৰ জগতখনৰ মাজত নিজকে আৱিষ্কাৰ কৰাৰ পূৰ্বে এগাৰকী ফেশ্বন ডিজাইনাৰ হোৱা হেপাঁহ পুহি ৰখা পল্লৱ দিল্লীৰ নেশ্যনেল ইন্সটিটিউট অৱ ফেশ্বন টেংকন’লজি (NIFT )-ৰ এগৰাকী স্নাতক।

‘মই মেনছৱেৰ ফেশ্বন ইণ্ডাষ্ট্ৰিত কেইবছৰমান কাম কৰিছিলো যদিও পিছত এটা সময়ত এগৰাকী ইলাষ্ট্ৰেটৰ (চিত্ৰকৰ) হিচাপে নিজৰ কেৰিয়াৰ সলনি কৰোঁ। মোৰ এই যাত্ৰাত মা-দেউতাই মোক যথেষ্ট সহযোগ কৰিছে, আৰু মই জানো যে তেওঁলোকে মোক সমৰ্থন কৰি যাব,’ পল্লৱে কয়।  

পল্লৱে মাধৱ বৈশ্যৰ ওচৰত চিত্ৰশিল্পৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিচিল যদিও বৰ্তমান তেওঁ সোমাই পৰা ইলাষ্ট্ৰেশ্যনৰ ক্ষেত্ৰখনত কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই। বৰঞ্চ এগৰাকী স্ব-শিকাৰু হিচাপে কঠোৰ অধ্যৱসায় আৰু যত্নৰ বলত অসমৰ লগতে অসমৰ বাহিৰত নিজৰ এক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। পল্লৱৰ ভাষাত তেওঁৰ সৃষ্টিসমূহ dark, fervid আৰু invigorating।  

২০১৭ চনত ৰে’ডবুল ৱৰ্ল্ড ডুডল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ পিছত এই নতুন ক্ষেত্ৰখনত সোমাই পৰা পল্লৱৰ শিল্প শৈলীক বহুতে প্ৰশংসা কৰাৰ লগতে ইয়াক বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহ যোগাইছিল।

যোৱা সময়ছোৱাত Ultratribe, Shadow and Light আদি বহু কেইটা নামী-দামী ব্ৰেণ্ড আৰু ইণ্ডি মিউজিক ইণ্ডাষ্ট্ৰিৰ বহু কেইটা এলবামত পল্লৱে ইলাষ্ট্ৰেশ্যনৰ কাম কৰি নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে।

এই তৰুণ প্ৰতিভাসম্পন্ন শিল্পী গৰাকীয়ে জনোৱা মতে বিভিন্ন ৰূপকথা বিলাকে তেওঁক যথেষ্ট অনু্প্ৰেৰণা যোগাই আৰু তেওঁৰ শিল্পকৰ্মত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি বিখ্যাৎ শিল্পী DZO Olivier, Jung Gi Kim, Mihai Manescu আদিৰ শিল্পকৰ্ময়ো তেওঁক যথেষ্ট অনুপ্ৰাণিত কৰা বুলি জানিবলৈ দিয়ে।

ডিজিটেল মাধ্যমে শিল্পক্ষেত্ৰলৈ এক নতুন যোগৰ সূচনা কৰা বুলি বিশ্বাস কৰা পল্লৱৰ মতে ডিজিটেল প্ৰযুক্তিয়ে শিল্পীসকলক কম সময় আৰু কম খৰচতে বিভিন্নধৰণৰ শৈল্পিক পৰীক্ষা-নিৰীক্ষা কৰাৰ সুবিধা আনি দিছে, যিটো হয়টো অন্য ধৰণে সম্ভৱ হৈ নুঠিল হেতেন।

লগতে পঢ়ক : আজিৰ পৰা ৭ দশকৰ পূৰ্বে অলিম্পিকত ভাৰতক নেতৃত্ব দিছিল এইগৰাকী অসম সন্তানে

এক আশাবাদী মনৰ অধিকাৰী এই যুৱ শিল্পী গৰাকীৰ বাবে এইয়া মাত্ৰ এক আৰম্ভণিহে, জীৱনত কৰিবলৈ আৰু বহু কাম বাকী আছে। উদ্যোগী যুৱক পল্লৱৰ তেওঁৰ পিতৃ অনুপ্ৰেৰণাৰ প্ৰধান উৎস। দৃষ্টিশক্তি হেৰুৱাই পেলোৱাৰ পিছতো জীৱনত কেতিয়াও হাৰ মানিব নোখোজা নিজৰ পিতৃৰ দৰে পল্লৱেও জীৱনৰ ওচৰত হাৰ মানিব নোখোজে।

‘যিমানেই বাধা নাথাকক কিয়, মই কেতিয়াও হাৰ মানিব নোখোজো। এইখিনিতে মই মোৰ দেউতাৰ কথা ক’ব বিচাৰো। তেওঁ Jorhat Blind Institute –ৰ প্ৰতিষ্ঠাপক উপাধ্যক্ষ আছিল। সৰুৰে পৰা তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে মোক অনুপ্ৰেৰণা যোগাই আহিছে। যিদৰে তেওঁ বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষা সম্পুৰ্ণ কৰি আইনৰ শিক্ষা পৰ্য্যন্ত গ্ৰহণ কৰিলে সেই কথাই মোক এতিয়াও আচৰিত কৰে। পিছলৈ তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাই আৰু তেওঁৰ ঘণিষ্ঠ বন্ধু প্ৰয়াত প্ৰসন্ন পিনচাৰ সৈতে মিলি Jorhat Blind Institute স্থাপন কৰে। পিছত উক্ত প্ৰতিষ্ঠানখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত হয় আৰু ১০ বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰালৈকে তেওঁ অধ্যক্ষ হিচাপে থাকে’ পল্লৱে কয়।

নিজৰ আটাইতকৈ আনন্দ আৰু গৌৰৱৰ মুহূৰ্তটোৰ কথা স্মৰণ কৰি পল্লৱে কয়, ‘মই সৃষ্টি কৰা মিৰ্জাপুৰ পষ্টাৰৰ কাম Prime Video আৰু Excel Media and Entertainment-ৰ দ্বাৰা অফিচিয়েল ছিলেকশ্যন হোৱাত আন্তঃৰাষ্ট্ৰীয় প্লেটফ’ৰ্মত নিজক প্ৰতিষ্ঠা কৰাত মোৰ বহুত সহায় হৈছিল।’

এতিয়ালৈকে নিজৰ এই যাত্ৰাক লৈ যথেষ্ট সুখী পল্লৱে অদূৰ ভৱিষ্যতে আৰু অধিক নতুন নতুন সৃষ্টি কৰি যাব বুলি আশাবাদী।

ইংৰাজীত পঢ়ক : How this Assam illustrator is thrilling art lovers with myth and mysticism

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply