কোৰোনাৰ ভয়াবহতা সময়তে অহা ১ মে’ৰ পৰা ভাৰতত আৰম্ভ হ’ব ১৮ বছৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ বাবে কোৰোনাৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া। বৰ্তমান সময়ত ৪৫ ঊৰ্ধ্বৰ ব্যক্তিসকলকহে দি থকা হৈছে কোভিড ভেকচিন। ১ মে’ৰ পৰা ১৮ বছৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে ল’ব পাৰিব কোৰোনাৰ প্ৰতিষেধক । ইয়াৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা টুইটযোগে ঘোষণা কৰিছে mygovtindia ই।
Cowin website আৰু আৰোগ্য সেতু এপৰ যোগেদি পঞ্জীয়ন কৰিব লাগিব ব্যক্তিৰ নাম।
আপুনি ভেকচিন ল’বৰ বাবে কি দৰে অনলাইনযোগে পঞ্জীয়ন কৰিব নিজৰ নাম
CoWIN portalত পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়াঃ-
CoWIN websiteত গৈ register/ sign in yourself ক্লিক কৰিব
নিজৰ ফোন নম্বৰটো লিখি get OTP ত ক্লিক কৰিব। ফোনত অহা OTP টো চাইটত লিখি verify ত ক্লিক কৰিব
পঞ্জীয়ন পেজত নাম, লিংগ, পৰিচয় পত্ৰ, জন্মৰ চন লিখি register ত ক্লিক কৰিব
পঞ্জীয়ন হ’লে এপইণ্টমেণ্ট লাভৰ বাবে বিকল্প পাব, নামৰ কাষত থকা schedule ত ক্লিক কৰিব লাগিব
আপোনাৰ পিন ক’ড লিখি search কৰক, স্ক্ৰীনত উল্লেখিত তাৰিখ আৰু সময় নিৰ্বাচন কৰি confirm ত ক্লিক কৰক।
এবাৰত ৪ জন ব্যক্তিৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পূৰ্বৰ প্ৰক্ৰিয়াৰ দৰেই নিৰ্বাচন কৰি reschedule কৰিব পাৰিব সময়সূচী।
আৰোগ্য সেতু এপত পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়াঃ-
আৰোগ্য সেতু এপত গৈ ফোনৰ হোম স্ক্ৰীনত থকা cowin টেবত ক্লিক কৰিব লাগিব
vaccination registration নিৰ্বাচন কৰিব> ফোন নম্বৰ লিখিব> OTP লিখিব।
verify ক্লিক কৰিলে registration of vaccination পেজ পাব
Cowin portal ত নাম পঞ্জীয়নৰ ক্ষেত্ৰতো একে প্ৰক্ৰিয়াকে গ্ৰহণ কৰিব লাগিব।
প্ৰতিগৰাকী ব্যক্তিক ২ ড’জ ভেকচিন প্ৰদান কৰা হ’ব। প্ৰথম ড’জ ভেকচিন লোৱাৰ ২৮ দিনৰ পৰা ৫৬ দিনৰ ভিতৰত প্ৰদান কৰা হ’ব ভেকচিনৰ দ্বিতীয়টো ড’জ।